NORTHEAST NOW (Assamese)
Popular Stories

শিলচৰৰ সভাক লৈ বিজেপি জিলা যুৱ মৰ্চা, হিন্দু বাঙালী সংস্থাৰ হুংকাৰত প্ৰতিক্ৰিয়া অনুপ চেতিয়া, জিতেন দত্তৰ

Posted by: কল্পজ্যোতি শইকীয়া May 24, 2018 11:15 pm
ulfa leader anup chetia and jiten dutta

খিলঞ্জীয়া মঞ্চই শিলচৰত ৩০ মে’ত আহ্বান কৰা সভাখন পাতিলে বিজেপি ( BJP )ৰ জিলা যুৱ মৰ্চা আৰু সদৌ অসম হিন্দু বাঙালী সংস্থাই হাত সাবটি বহি নাথাকে বুলি দিয়া সকীয়নিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুপ চেতিয়া আৰু জিতেন দত্তই।

সংগঠন দুটাই কাছাৰ জিলা উপায়ুক্তক আজি ২৪ মে’ত প্ৰদান কৰা স্মাৰক পত্ৰৰ কথা নৰ্থ ইষ্ট নাও-এ জনোৱাৰ পিছত আলফা নেতা দুগৰাকীয়ে কৰা প্ৰতিক্ৰিয়া।

বিজেপিৰ জিলা যুৱ মৰ্চা আৰু সদৌ অসম হিন্দু বাঙালী সংস্থাৰ সকীয়নি জানিবৰ বাবে পঢ়ক : শিলচৰত খিলঞ্জীয়া মঞ্চৰ সভা পাতিলে হাত সাবটি নাথাকো : বিজেপি জিলা যুৱ মৰ্চা, হিন্দু বাঙালী সংস্থা|

 

অনুপ চেতিয়াৰ প্ৰতিক্ৰিয়া

Anup chetia

বৰাকৰ মানুহখিনিৰ মাজলৈ আমি এই বাৰ্তাটোৱেই নিবলৈ বিচাৰিছিলো যে তেওঁলোককো আমি অসমৰ অসমীয়া বুলি ভাবো। তেওঁলোক যে বেলেগ আমি সেইটো কেতিয়াও নাভাবো। এই বাৰ্তা লৈয়ে আমি সভাখন অনুষ্ঠিত কৰিব বিচাৰিছিলো।

আমি জনাত বৰাকৰ সকলো লোকে বিধেয়কখনৰ পক্ষত নাই। বৰাকত যিসকলে নিজকে অসমীয়াৰ অংশ হিচাপে ভাবে, তেওঁলোকে অসমত আৰু অনুপ্ৰৱেশকাৰীৰ বোজা ল’বলৈ নিবিচাৰে।

তেওঁলোকে যিহেতু নিবিচাৰে তেন্তে আমি সেই সভাখনলৈ নোযোৱাটোৱেই সিদ্ধান্ত লৈছো।

ইতিমধ্যেই জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে আমাক অনুমতি দিয়া নাই। আমি কোনো ধৰ্ম-জাতি, সম্প্ৰদায়ৰ বিৰোধী নহওঁ। হিন্দু হওক, বঙালী হওক, মুছলমান হওক, সকলোৱে ঐক্যবদ্ধ হৈ অসমত থাকিবলৈ বিচাৰো।

আমি দণ্ড-খৰিয়াললৈ যাব নিবিচাৰো। হিন্দু বাঙালীসকলে যুদ্ধংদেহী মনোভাব লৈছে, কিন্তু আমি সকলো জাতি-জনগোষ্ঠী একত্ৰিত হৈ থকাটো বিচাৰো।

তেওঁলোকৰ সৈতে কিছু কথা-বতৰা পতাৰ বাবে আমি বৰাক উপত্যকালৈ যাবলৈ বিচাৰিছিলো। তেওঁলোকে যিহেতু নিবিচাৰে তেন্তে আমি সেই সভাখনলৈ নোযোৱাটোৱেই সিদ্ধান্ত লৈছো।

 

জিতেন দত্তৰ প্ৰতিক্ৰিয়া

jiten dutta

আমি যদি আমাৰ গণতান্ত্ৰিক অধিকাৰটো বৰাকত ব্যক্ত কৰিব বিচাৰো, তেন্তে আমাক কোনেও বাধা দিব নোৱাৰে। বৰাকখন এতিয়াও অসমৰ পৰা পৃথক হৈ যোৱা নাই। যিকোনো ঠাইত আমি মত প্ৰকাশ কৰাৰ স্বাধীনতা আছে। এই ক্ষেত্ৰত চৰকাৰ, প্ৰশাসন অথবা উপায়ুক্তই আমাক বাধা দিব নোৱাৰে।

যদি বৰাকৰ মানুহখিনিয়ে অসমৰ অংগ নহয় বুলি ঘোষণা কৰে অথবা বেলেগ ৰাজ্যৰ মানুহ বুলি ভাবে তেন্তে আমি নাযাওঁ। কি দৰকাৰ পৰিছে যাবলৈ? আমি কাৰো দমলৈ ভয় নকৰো।

ব্ৰহ্মপুত্ৰ উপত্যকাত বেঙ্গলী যুৱ ফেডাৰেচনে ৰাজ্যপালক সাক্ষাৎ কৰি বিধেয়কখনৰ সমৰ্থন কৰি স্মাৰক পত্ৰ দিয়াৰ পিছত আমি তেওঁলোককটো ক’তো দম দিয়া নাই বা অপকাৰ কৰা নাই। গণতান্ত্ৰিক দেশত সকলোৰে নিজা নিজা অধিকাৰ আছে। আমাৰ ব্যক্তি স্বাধীনতাক যাতে কোনেও হস্থক্ষেপ নকৰে তাৰ বাবে আমি তেওঁলোকক আহ্বান জনাইছো।

বিধেয়কখনে তাত থকা বঙালী সম্প্ৰদায়ৰ লোকসকলৰ প্ৰতিও শংকাৰ সৃষ্টি কৰিব। এই কথাটো তেওঁলোকক বুজোৱাটো প্ৰয়োজন আছে। নিজৰ ধৰ্মৰ মানুহ বুলি হিন্দু বাংলাদেশীক আদৰি ল’ব যে নোৱাৰো সেই কথাটোৱেই আমি তাত বুজামগৈ। নহ’লে এইসোপা বোজা যদি তেওঁলোকৰ ওপৰত জাপি দিয়া হয়, তেন্তে বৰাকৰ মানুহখিনিৰে ভেটিটো হেৰাব।

বৰাকৰ প্ৰায়সংখ্যক সংগঠনে এই বিলখন মুকলিভাৱে সমৰ্থন জনাইছেই। আমি কাৰোবালৈ ভয় কৰি তালৈ নোযোৱাৰ কথাটো নাহে। কিন্তু ৯০ শতাংশই সমৰ্থন জনাইছে যদিও সেই লোকসকলক বুজাই ৬০ শতাংশলৈটো লৈ আহিব পাৰিম। ফোনযোগে এই কথাটো যিসকল লোকক বুজাইছো সেইসকলে এই কথা বুজি পাইছে।

সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি আমাৰ উদ্দেশ্য নহয়। স্থানীয় কিছু ব্যক্তি লগ লাগি তাত এখন সভাৰ আয়োজন কৰিছিল। কিন্তু দেখা গৈছে, তাত ধৰ্মৰ ভিত্তিত দুটা ভাগত মেৰুকৰণ হৈ গৈছে। ধৰ্মৰ ভিত্তিত এনেকৈ ভাগ ভাগ হোৱা ঠাইত আমিও অংশগ্ৰহণ কৰাৰ ইচ্ছা কৰা নাই।

তাৰ লোকসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত আমাক পুনৰবাৰ আমন্ত্ৰণ জনালে আমি তালৈ যাম।

চৰকাৰ-প্ৰশাসনে অনুমতি দিয়ক বা নিদিয়ক আমি ৩০ তাৰিখৰ সভাত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছো।