NORTHEAST NOW (Assamese)
অসম

তিনিদিনীয়া কৰ্মশালা : বগা হাতীৰ দেশ থাইলেণ্ডত কাজিৰঙাৰ মাউত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 10, 2024 4:49 pm

প্ৰথমবাৰৰ বাবে থাইলেণ্ডত প্ৰশিক্ষণ গ্ৰহণ কৰিছে অসমৰ মাউতে। ৬ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰলৈ থাইলেণ্ডৰ লামপাঙৰ ৰাষ্ট্ৰীয় হাতী প্ৰতিষ্ঠানত মাউত, হাতীৰ মালিক আৰু যত্ন লোৱা লোকৰ বাবে অনুষ্ঠিত হোৱা ‘জেণ্টল ট্ৰেইনিং ৱৰ্কশ্বপ’ত অংশগ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চলৰ দুজন মাউতে।

অসমৰ পৰা যোৱা মাউত দুগৰাকী হৈছে কাছিম আলী আৰু সঞ্জীৱ পেগু।

হিউমেন-এলিফেণ্ট লাৰ্নিং প্ৰগ্ৰেমছ ফাউণ্ডেশ্যন (এইচ-ই এল পি)ৰ উদ্যোগত তিনিদিনীয়া এই অনুষ্ঠানত হাতীৰ যত্ন লোৱা, পৰিচালনা কৰা আদিৰ প্ৰশিক্ষণ দিয়া হয়।

এইচ-ই এল পি ফাউণ্ডেশ্যনৰ ড০ এণ্ড্ৰু মেকলিন আৰু ড০ পৰ্টলেণ্ড জ’নছ, আৰু ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ (ডব্লিউ টি আই) ড০ ভাস্কৰ চৌধুৰীয়ে এই প্ৰশিক্ষণ প্ৰদান কৰে।

ঘৰচীয়া হাতীৰ মানসিক চাপ, বিষ আৰু ভয় হ্ৰাস কৰিবৰ বাবে বিশেষ প্ৰশিক্ষণ দিয়ে প্ৰশিক্ষকৰ দলটোৱে।

আনহাতে পৰম্পৰাগত হাতী প্ৰশিক্ষণত অবাঞ্চিত আচৰণ শুধৰণি কৰাত গুৰুত্ব দিয়া হৈছে।

এই প্ৰশিক্ষণত নেপাল, লাওছ পিডিআৰ, থাইলেণ্ড আৰু শ্ৰীলংকাৰ মাউতেও অংশগ্ৰহণ কৰে।