NORTHEAST NOW (Assamese)
অসম

প্ৰশাসনৰ চকুৰ আগতেই! বজালীৰ কলদিয়া নদীৰ পাৰত চলিছে অবৈধ বালি খনন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 10, 2024 8:30 pm

বজালী জিলাৰ কালদিয়া নদীৰ পাৰত চলিছে অবৈধ বালি খনন।

অবৈধ বালি খননে জিলাখনৰ নদী কাষৰীয়া অঞ্চলসমূহৰ বাবে ভাবুকি কঢ়িয়াই আনিছে।

তথ্য অনুসৰি ৰাস মন্দিৰৰ সমীপত দিনক দিনে নদীৰ পাৰৰ পৰা অবৈধভাৱে বালি খনন কৰি আহিছে বালি মাফিয়াই।

খননৰ পৰা বালি কঢ়িয়াই অনা কোনো নম্বৰ প্লেট নথকা অভাৰলোডিং ট্ৰাক যাতায়তৰ বাবে বিপদজনক হৈ পৰিছে। এই ট্ৰাক সমূহৰ বাবেই স্থানীয় পথসমূহৰ অৱস্থান শোচনীয় হৈ পৰিছে।

বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে বন বিভাগ।

এজন স্থানীয় প্ৰকৃতিপ্ৰেমীয়ে কয় যে, “আমি সজাগতা বিয়পোৱাৰ লগতে গছৰ ৰোপনৰ পৰিকল্পনা কৰি আমাৰ পৰিৱেশ ৰক্ষাৰ চেষ্টা কৰিছো। কিন্তু কিছুমান মানুহে প্ৰকৃতি ধ্বংস কৰি আছে। আমাৰ অঞ্চলত অবৈধ বালি খনন অব্যাহত আছে। কিন্তু বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হৈছে।”