NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

লোহা চুৰিৰ গোচৰত গ্ৰেপ্তাৰ সদৌ অসম ছাত্ৰ সন্থাৰ জ্যেষ্ঠ নেতা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 18, 2024 7:47 am

সদৌ অসম ছাত্ৰ সন্থাৰ নেতা অনোৱাৰ খানক লোহা চুৰিৰ গোচৰত সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি দেওবাৰে প্ৰকাশ পাইছে৷

অনোৱাৰ খান সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা আছিল।

সূত্ৰ অনুসৰি, ২০২৪ চনৰ ৭ নৱেম্বৰত সোণাপুৰৰ সৰুটাৰীৰ পৰা ৰে’লৱে নিৰ্মাণৰ কামত ব্যৱহাৰ কৰা মিক্সাৰ মেচিন এটা চুৰি হৈছিল।মেচিনটোৰ মালিকে এই চুৰি সন্দৰ্ভত সোণাপুৰ থানাত এজাহাৰ দাখিল কৰিছিল।

তদন্তৰ অন্তত আৰক্ষীয়ে ৰঙিয়াৰ কমলপুৰ স্থানীয় এটা গুদামৰ পৰা চুৰি মেচিনটো উদ্ধাৰ কৰে। সূত্ৰসমূহে লগতে জনোৱা মতে, মেচিনটো AS01NC4914 নম্বৰৰ এখন বাহনত লৈ যোৱা হৈছে। লগতে অনোৱৰ খানে চুৰি হোৱা সামগ্ৰীসমূহ সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে। তদন্ত অব্যাহত থকাৰ সময়তে বৰ্তমান খান আৰক্ষীৰ জিম্মাত আছে।

তদুপৰি গ্ৰেপ্তাৰ হোৱাৰ লগে লগে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই খানক আছুৰ প্ৰাথমিক সদস্য হিচাপে কৰ্তব্যৰ পৰা মুক্ত কৰে। তেওঁ অসাংবিধানিক বুলি গণ্য কৰা কামত লিপ্ত হোৱাৰ বাবে এই সিদ্ধান্ত তাৎক্ষণিকভাৱে বলবৎ কৰা হয়।