NORTHEAST NOW (Assamese)
দেশ

১৮ বছৰৰ তলৰ স্ত্ৰীৰ লগত যৌন সম্পৰ্ক গঢ়িব নোৱাৰিব স্বামীয়ে : ন্যায়ালয়ৰ ৰায়দান

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 18, 2024 4:05 pm

১৮ বছৰৰ তলৰ মহিলাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ বুলি গণ্য কৰা হয়। ১৮ বছৰৰ তলৰ স্ত্ৰীৰ লগত স্বয়ং স্বামীয়ে যৌন সম্পৰ্ক গঢ়িলেও তাক ধৰ্ষণ বুলি গণ্য কৰা হ’ব। আনকি, স্ত্ৰী ১৮ বছৰতকৈ সৰু হ’লে সন্মতি সাপেক্ষে কৰা যৌন সম্পৰ্ককো ধৰ্ষণ বুলিয়েই গণ্য কৰা হ’ব।

শেহতীয়াকৈ এটা গোচৰৰ শুনানি গ্ৰহণ কৰি বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এই পৰ্যবেক্ষণ কৰে।

অভিযোগকাৰীয়ে ২০১৯ চনত অভিযুক্তৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰিছিল। অভিযোগকাৰীয়ে কয় যে তিনি-চাৰি বছৰৰ প্ৰেমৰ অন্তত তেওঁলোকৰ বিয়া হৈছিল। অৱশ্যে পিছলৈ তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। বিয়াৰ পূৰ্বে স্বামীয়ে ধৰ্ষণ কৰাৰ বাবেই গৰ্ভৱতী হোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে। যদিও পিছত অভিযুক্তই তেওঁক বিয়া কৰাবলৈ বাধ্য হয়। লগতে গৰ্ভপাতৰ চেষ্টাৰ অভিযোগো উত্থাপন কৰে ভুক্তভোগী মহিলাগৰাকীয়ে।

এই গোচৰত নিম্ন আদালতে অভিযুক্তক ১০ বছৰৰ কাৰাদণ্ড বিহে। ইয়াৰ পিছতে অভিযুক্তই এই ৰায়ক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপে। যৌন সম্পৰ্কত সন্মতি দিয়াৰ বিষয়টোৰ উদ্ধৃতি দি অভিযুক্তই শাস্তি স্থগিত ৰখাৰ বাবে আবেদন জনায়। কিন্তু নিম্ন আদালতৰ ৰায়ক উচ্চ ন্যায়ালয়ে সমৰ্থন কৰে।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি এ ছানোপে কয়, ‘যেতিয়া পত্নী বা সংগী ১৮ বছৰৰ তলৰ হয়, তেতিয়া সন্মতিসূচক যৌন সম্পৰ্কৰ যুক্তি প্ৰযোজ্য নহয়’ আৰু লগতে কয়, ‘দুয়োজনৰ মাজত তথাকথিত বিবাহ হ’লেও ইয়াক সন্মতিসূচক যৌন সম্পৰ্ক বুলি ক’ব নোৱাৰি। অভিযোগ অনুসৰি ইয়াক ধৰ্ষণ বুলি গণ্য কৰা হ’ব।