NORTHEAST NOW (Assamese)
দেশ

হায় গণতন্ত্ৰ! নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ পৰা ১০০০ কোটিৰো অধিক নগদ ধন আৰু মাদক দ্ৰব্য জব্দ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 19, 2024 4:07 pm

বুধবাৰে অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। ইয়াৰ উপৰিও আন ১৪খন ৰাজ্যৰ একাংশ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ।

ইয়াৰ মাজতে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ পৰা মুঠ ১০০০ কোটি টকা নগদ ধন, ড্ৰাগছ, সোণ, ৰূপ আৰু মূল্যৱান সামগ্ৰী জব্দ কৰা হৈছে। সোমবাৰে এই পৰিসংখ্যা নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

সোমবাৰে আয়োগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি কেৱল মহাৰাষ্ট্ৰৰ পৰাই ৬৬০ কোটি টকাৰ নগদ ধন, ড্ৰাগছ আৰু সোণ জব্দ কৰা হৈছে। আনহাতে, ঝাৰখণ্ডৰ পৰা জব্দ কৰিছে ১৯৮ কোটি টকাৰ নগদ ধন, ড্ৰাগছ আৰু সোণ। এইবাৰ জব্দ কৰা ধন-সোণৰ পৰিমাণ ২০১৯ চনৰ তুলনাত সাতগুণ বেছি।

ইয়াৰ উপৰিও বাকী ১৪খন ৰাজ্যত উপ-নিৰ্বাচন চলি থকা ৰাজ্যত ২২৩ কোটি টকাৰ নগদ ধন, ড্ৰাগছ আৰু সোণ জব্দ কৰা হৈছে।

ইফালে আজি মহাৰাষ্ট্ৰৰ বিজেপি নেতাৰ পৰা জব্দ বৃহৎ পৰিমাণৰ টকা জব্দ কৰা হৈছে। নগদ ৫ কোটি টকাসহ মুম্বাইত ধৰা পৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ টাৱৰে। হাতে-লোটে ধৰা পৰাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।