NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

বিষে বিষক্ষ্যয়! মাৰাত্মক কৰ’না ভাইৰাছে প্ৰতিৰোধ কৰিব পাৰে কেন্সাৰ, গৱেষণাত চাঞ্চল্যকৰ দাবী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 20, 2024 3:16 pm

এটা সময়ত কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছিল। এই অতিমাৰীত বিশ্বত কোটি কোটি লোকৰ মৃত্যু হৈছিল।

কিন্তু শেহতীয়া এক গৱেষণাৰ তথ্যত প্ৰকাশ পাইছে যে ক’ৰ’না ভাইৰাছে টিউমাৰৰ পৰা কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰতিষেধক হিচাপে কাম কৰে।

লণ্ডনৰ “নৰ্থৱেষ্টাৰ্ণ মেডিচিন কেনিং থ’ৰেচিক ইনষ্টিটিউট”ই কৰা এক গৱেষণাত অভূতপূৰ্ব সফলতা লাভ কৰিছে। এই অধ্যয়নত পোৱা তথ্য বিশ্ববিখ্যাত জাৰ্নেল অৱ ক্লিনিকেল ইনভেষ্টিগেশ্যনৰ নৱেম্বৰ সংখ্যাত প্ৰকাশ পাইছে।

জাৰ্নেলখনৰ তথ্য অনুসৰি, যিসকল ৰোগীৰ টিউমাৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক’ৰ’না ভাইৰাছে আচৰিত ধৰণে বৃদ্ধি কৰে। ফলত ইউৰোপীয় দেশসমূহৰ কৰ্কট ৰোগীৰ টিউমাৰ ধ্বংস কৰাৰ বাবে এই নতুন চিকিৎসা পদ্ধতিৰে ক্লিনিকেল ট্ৰায়েল আৰম্ভ হৈছে।

গৱেষণাৰ তথ্য অনুসৰি স্তন, যকৃত, হাওঁফাওঁ, বৃহদান্ত্ৰ আৰু মেলানোমা কেন্সাৰ নিয়ন্ত্ৰণত কৰোনাই ভাল কাম কৰে।