NORTHEAST NOW (Assamese)
Popular Stories

ৰাস উদ্‌যাপনৰ মাজতে অঘটন! চিলিণ্ডাৰ বিস্ফোৰণত ছিগিল এজনৰ দুয়োখন ভৰি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 21, 2024 11:26 am

ৰাসৰ উদ্‌যাপনৰ মাজতে এক শোকৰ খবৰ৷ অসমৰ লখৰাৰ ৰাস মহোৎসৱত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে। এই বিস্ফোৰণত ছিগিছে এজন লোকৰ দুয়োখন ভৰি।

জানিব পৰামতে, নাইট্ৰ’জেন চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বিস্ফোৰণত এজন লোকৰ দুয়োখন ভৰি ছিগি যোৱা ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আহত লোকজনক GMCHৰ ইমাৰ্জেন্সী ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছে। বিস্ফোৰণস্থলীত এই ঘটনাৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে আন এক দুৰ্ঘটনা হয়। বাইক আৰু ইয়’ন বাহনৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বাইকত অহা আৰোহীজন।