NORTHEAST NOW (Assamese)
অসম

পেটৰ সমস্যা দূৰ কৰাত সহায় কৰে তুলসী পাতে! ইয়াৰ উপৰিও আৰু কি কি উপকাৰিতা আছে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2024 7:34 am

হিন্দু ধৰ্মত তুলসীৰ পাত অতি পবিত্ৰ। ইয়াৰ বহুতো ঔষধি গুণ আছে। ই আমাক বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে।

তুলসী পাত ব্যৱহাৰ কৰিলে কাহ, চৰ্দি, ডিঙিৰ বিষৰ পৰা সোনকালে উপশম পাব পাৰি। ইয়াক চোবাই বা চাহৰ লগত মিহলাই খাব পাৰি।

তুলসী পাতত থকা এন্টি-মাইক্ৰ’বিয়াল, এন্টি-ইনফ্লেমেটৰী গুণে পেটৰ সমস্যা দূৰ কৰে।

তুলসী পাতে পেট সুস্থ কৰি ৰাখে। নিয়মীয়াকৈ খোৱা অভ্যাস কৰিলে পেটৰ সমস্যা কম হয়।

তুলসীৰ পেষ্টে পেটৰ সমস্যা বিশেষকৈ পেট ফুলাৰ সমস্যা কমোৱাত সহায় কৰে।