NORTHEAST NOW (Assamese)
অসম

আম আদমী পাৰ্টি’ৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 25, 2024 5:31 pm

ৰাষ্ট্ৰজোৰা দুৰ্নীতি বিৰোধী সংগ্ৰামৰ মাজেৰে ২০১২ চনত জন্ম লাভ কৰা আম আদমী পাৰ্টিৰ কাইলৈ দ্বাদশ প্ৰতিষ্ঠা দিৱস।

গুৱাহাটীৰ বিষ্ণু নিৰ্মলা ভৱনত মঙলবাৰে পুৱা ১০ বজাৰ পৰা ‘আপ’ৰ ৰাজ্যিক কমিটীয়ে পালন কৰিব প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী।

আপৰ যুৱ শক্তি, মহিলা শক্তি আৰু চি ৱাই এছ এছৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত দলৰ পতাকা উত্তোলন কৰিব ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে ।

দিনজোৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত ‘ আপ’ৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাষ্ট্ৰীয় যুটীয়া সম্পাদক ডাঃ ভবেন চৌধুৰীও উপস্থিত থাকিব।

দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ বিস্তৃত কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসমতো অৰবিন্দ কেজৰিৱালৰ কামৰ ৰাজনীতিৰ আদৰ্শ প্ৰতিষ্ঠাত অৰিহণা যোগাবলৈ সৰ্বস্তৰৰ দলীয় কৰ্মী তথা ৰাইজলৈ গোহাৰি জনাইছে আহ্বায়ক অনুৰূপা ডেকাৰজা আৰু বাবুল বিকাশ চেতিয়াই ।