NORTHEAST NOW (Assamese)
দেশ

ৰাষ্ট্ৰীয় উদ্যানত আজৱ ঘটনা : মহিলাৰ ওপৰত নজৰ ৰাখিবলৈ ব্যৱহাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে অনা চিচিটিভি কেমেৰা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 26, 2024 10:12 pm

উত্তৰাখণ্ডৰ জিম কৰবেট ব্যাঘ্র প্রকল্পত সংঘটিত হৈছে এক নিন্দনীয় ঘটনা। জানিব পৰা মতে, উদ্যানখনৰ বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে অনা কেমেৰা, ড্রোন আৰু ধ্বনি ৰেকৰ্ডাৰসমূহ প্রকৃত কামৰ সলনি আন কামতহে ব্যৱহাৰ কৰিছে।

কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলে স্থানীয় বন বিষয়া তথা গাঁৱৰ পুৰুষসকলে উদ্যানখনলৈ খৰি আদি সংগ্ৰহ কৰিবলৈ যোৱা মহিলাৰ ওপৰত গোপনে চকু ৰাখিবলৈ এই সা-সৰঞ্জামসমূহ ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছে।

গৱেষকৰ দলটোৱে জনোৱা মতে, অনুমতিৰ অবিহনেই মহিলাসকলৰ ওপৰত ড্ৰোন আৰু চিচিটিভি ব্যৱহাৰ কৰা হৈছে।

গৱেষক সকলে উক্ত অঞ্চলটোৰ তিনি শতাধিক লোকৰ সৈতে কথা পাতি এই প্ৰতিবেদন প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

উক্ত প্ৰতিবেদনখন কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ জার্নাল ‘এনভাইৰনমেণ্ট এণ্ড প্লেনিঙ’ত প্রকাশ পাইছে।

উল্লেখ্য যে মহিলা সকলৰ ভিডিঅ‘ আৰু ফটো সংগ্রহ কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰি ব্লেকমেইল কৰাৰ ঘটনাও সংঘটিত হৈছে।