NORTHEAST NOW (Assamese)
অসম

নিশাৰ ভিতৰতে মহাৰাষ্ট্ৰত কেনেকৈ ভোটাৰৰ হাৰ বৃদ্ধি পালে ১২ শতাংশ; প্ৰশ্ন প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী November 29, 2024 2:49 pm

বিধানসভা নিৰ্বাচনৰ দিনা সন্ধিয়া ৫ বজালৈ মহাৰাষ্ট্ৰত ভোটাৰৰ হাৰ আছিল ৫৫ শতাংশ। সন্ধিয়ালৈকে ৫৮.২২ শতাংশত উপনীত হয়। নিশা ১১:৩০ বজাত ইভিএম বন্ধ কৰাৰ পিছত সেই হাৰ ৬৫ শতাংশ অতিক্ৰম কৰিলে।

পিছদিনা নিৰ্বাচন আয়োগে এই সন্দৰ্ভত চূড়ান্ত পৰিসংখ্যা দাখিল কৰে। আশ্চৰ্যজনকভাৱে ভোটাৰৰ ভোটদানৰ হাৰ আছিল প্ৰায় ৬৭ শতাংশ! যিটো যোৱা তিনিটা দশকৰ ভিতৰত সৰ্বাধিক।

৫৫ৰ পৰা ৬৭-শতাংশ! আনকি প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত এছ ৱাই কুৰেশ্বীয়েও নিশাটোৰ ভিতৰতে ভোটদানৰ হাৰ ইমান ১২ শতাংশ বৃদ্ধি পোৱাত আচৰিত হৈছে। তেওঁ নিজৰ চিন্তা লুকুৱাই ৰখা নাই। তেওঁ কয়, এনে ঘটনা আগতে কেতিয়াও হোৱা নাই!

কেৱল তেওঁৱেই নহয়, আনকি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী অৰ্থনীতিবিদ পৰকলা প্ৰভাকাৰেও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। সেইটোৱেই নিৰ্বাচনত জালিয়াতিৰ অভিযোগক ইন্ধন যোগাইছে।

যোৱা ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন। ২৮৮টা সমষ্টিত মাত্ৰ এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ২৩ নৱেম্বৰত প্ৰকাশ পাইছে ভোটদানৰ ফলাফল। পুনৰ ৰাজ্যত বিজেপিৰ মিত্ৰজোঁট আহিছে। কিন্তু তথাপি ভোটাৰৰ হাৰ অস্বাভাৱিক বৃদ্ধিৰ বিতৰ্ক কমি যোৱা নাই।

সাধাৰণতে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ কৰা হয়। সন্ধিয়া ৫ বজাৰ ভিতৰত শাৰী পাতি থকাসকলৰ বাবে নিৰ্ধাৰিত সময়ৰ পিছতো বুথ খোলা থাকে। কিন্তু সেই অতিৰিক্ত সময়ছোৱাত কেতিয়াও ভোটদানৰ হাৰ ১২ শতাংশ বৃদ্ধি হোৱা নাছিল। এই অস্বাভাৱিক বিষয়টোক লৈ কুৰেশ্বীয়ে প্ৰশ্ন উত্থাপন কৰে। ২০১০-১২ চনলৈকে তেওঁ নিৰ্বাচন আয়োগৰ শীৰ্ষ পদত আছিল।

এটা সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কুৰেশ্বি স্পষ্টভাৱে কয় যে ভোটদানৰ হাৰ তৎক্ষণাত ৰেকৰ্ড কৰা হয়। ভোটাৰে ভোট দিয়াৰ লগে লগে প্ৰিজাইডিং অফিচাৰে ফৰ্ম ১৭চিত লিখে। ভোটদানৰ শেষত মুঠ ভোটৰ সংখ্যা লিখা হয়। সেই প্ৰ-পত্ৰ পূৰণ কৰাৰ পিছত প্ৰাৰ্থীৰ এজেণ্টৰ স্বাক্ষৰ হয়। ইয়াৰ পিছত প্ৰিজাইডিং বিষয়াজন উভতি যায়। এই শংকা আঁতৰাবলৈ আয়োগৰ জবাবদিহিতাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে। তেওঁ কয় যে সমগ্ৰ দেশতে সন্দেহৰ বাতাবৰণ সৃষ্টি হৈছে। গোটেই ব্যৱস্থাটোৰ ওপৰত মানুহৰ আস্থা হেৰাই যাব।

ইপিনে, পৰকলা প্ৰভাকৰে লগতে দাবী কৰে যে ভোটাৰৰ হাৰ ১২ শতাংশ বৃদ্ধিৰ অৰ্থ হ’ল প্ৰায় ৭৬ লাখ ভোট অধিক। এমাহ পূৰ্বে হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনতো একেধৰণৰ ঘটনা দেখা গৈছিল। ভোটদানৰ হাৰৰ প্ৰাৰম্ভিক আৰু চূড়ান্ত তথ্যত ৫-৬ শতাংশৰ পাৰ্থক্য বিগত লোকসভা নিৰ্বাচনতো উত্থাপন কৰা হৈছিল।

মহাৰাষ্ট্ৰৰ বিৰোধী দলসমূহে এই নিৰ্বাচনত প্ৰকৃত জনমত প্ৰতিফলিত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে। আদালততো গোচৰ ৰুজু হৈছে। ইভিএম বাতিল কৰি পুনৰ বেলট পেপাৰলৈ যোৱাৰ দাবী উত্থাপন হৈছে। ইয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈছে মাৰাঠা ভূমিৰ ৰাজনীতি। প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তৰ মন্তব্যত সংযোজন হৈছে এক নতুন মাত্ৰা। পূৰ্বৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ দিবনে বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে?