NORTHEAST NOW (Assamese)
চলচ্চিত্ৰ

ক’ত আছে ‘ৰামায়া ৱাস্তাভায়া’ চিনেমাৰ নায়ক? অভিনয় এৰি কি কামত ব্যস্ত তেওঁ?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 3, 2024 4:28 pm

দুখনেই মাত্ৰ চিনেমাত অভিনয়। তাৰপিছত শেষ হৈ গ’ল কেৰিয়াৰ। অৱশ্যে বৰ্তমানৰ তেওঁ কোটিপতি। মুঠ সম্পত্তিৰ পৰিমাণ ৪৭০০ কোটি টকা।

শ্ৰুতি হাছানৰ সৈতে অভিনয় কৰি জনপ্ৰিয়তা আৰু দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছিল ‘ৰামায়া ৱাস্তাভায়া’ৰ নায়ক গিৰিশ কুমাৰ তৌৰাণীয়ে। পিছে বৰ্তমান তেওঁৰ অভিনয় জগতৰ সৈতে নাই কোনো সম্পৰ্ক।

ৰামায়া ৱাস্তাভায়াৰ জনপ্ৰিয়তাৰ পিছত লাভশুদ্ধা নামৰ এখন চিনেমাত গিৰিশে অভিনয় কৰে যদিও এই ছবিখনে বজাৰ দখল কৰাত চূড়ান্তভাবে ব্যৰ্থ হয়। তাৰপিছতেই চিনেমা জগতৰ পৰা মেলানি মাগে গিৰিশ কুমাৰে।

উল্লেখ্য যে দ্বিতীয়খন ছবিৰ মুক্তিৰ সময়ত কৃষ্ণৰ সৈতে বিবাহপাশত আবদ্ধ হয় গিৰিশ। কিন্তু এই বিবাহৰ বিষয়টো তেওঁ লুকুৱাই ৰাখিছিল। প্ৰায় এবছৰ ধৰি বিয়াৰ খবৰ লুকুৱাই ৰাখিছিল অভিনেতাজনে। আচলতে তেওঁ ভাবিছিল যে বিয়াৰ খবৰ ওলালে হয়তো তেওঁৰ কেৰিয়াৰৰ ক্ষতি হ’ব পাৰে।

অভিনয় ত্যাগ কৰাৰ পিছত তেওঁ পূৰ্ণকালীন ব্যৱসায়ত মনোনিৱেশ কৰে। বৰ্তমান তেওঁ টি ছিৰিজৰ সৈতে জড়িত। টি ছিৰিজত দেউতাক আৰু ককাকৰ সৈতে ব্যৱসায়টো পৰিচালনা কৰি আছে। তেওঁলোকৰ ব্যৱসায়ৰ মূল্য ৪৭০০ কোটি টকা। উল্লেখ্য যে টি চিৰিজ ছবি নিৰ্মাণ, বিতৰণ আৰু সংগীত কোম্পানীসমূহৰ সৈতে জড়িত।

গিৰিশে কেমেৰাৰ সন্মুখৰ পৰা নহয়, কেমেৰাৰ পিছফালৰ পৰাই ফিল্ম লাইনৰ গুৰুত্বপূৰ্ণ দায়িত্ব চম্ভালি আছে।