NORTHEAST NOW (Assamese)
Popular Stories

বিজেপিশাসিত ৰাজ্যত ৬০ টকা দৰত বিক্ৰী হৈছে আলু! দায় ঠেলিলে পশ্চিম বংগলৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2024 5:09 pm

ওড়িশা বজাৰত প্ৰতি কেজিত আলু বিক্ৰী হৈছে ৬০ টকা! এই পৰিস্থিতিৰ বাবে পশ্চিম বংগ চৰকাৰক জগৰীয়া কৰিছে বিজেপি নেতৃত্বাধীন ওড়িশা চৰকাৰে।

ওড়িশাৰ খাদ্য যোগান মন্ত্ৰী কেচি পাত্ৰই অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ চৰকাৰে চৰকাৰৰ ভাবমূৰ্তি নষ্ট কৰিবলৈ এই কাম কৰিছে।

প্ৰসংগক্ৰমে ওড়িশাৰ বজাৰত প্ৰতি কেজি আলুৰ দাম আছিল নৱেম্বৰ মাহত ৩৫ টকাৰ পৰা ৪০ টকা। ২৮ নৱেম্বৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পশ্চিম বংগক আলু ৰপ্তানি বন্ধ কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পাছত এসপ্তাহৰ ভিতৰতে ওড়িশাৰ বজাৰত আলুৰ দাম বৃদ্ধি পাইছে। ইতিমধ্যে আলুৰ মূল্য প্ৰতি কেজিত ৬০ টকা হৈছেগৈ।

এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি ওড়িশাৰ খাদ্য যোগান মন্ত্ৰীগৰাকীয়ে কয় যে ‘এই সমস্যাৰ সৃষ্টি হৈছে কাৰণ পশ্চিম বংগে পূৰ্বৰ জাননী অবিহনে আলুৰ ৰপ্তানি বন্ধ কৰি দিছিল। এই কথা জানি আমি অনাগত দিনত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ পৰা আলু সংগ্ৰহ কৰিম।’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যৰ বজাৰত আলুৰ পৰ্যাপ্ত মজুত আছে আৰু শীঘ্ৰে আলুৰ মূল্য হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হ’ব।

প্ৰসংগক্ৰমে আলু উৎপাদনত পশ্চিম বংগ স্বাৱলম্বী। ইয়াৰ পাছতো নৱেম্বৰৰ শেষৰ ফালে বংগৰ বজাৰত আলু ৩৫ টকাৰ পৰা ৪০ টকাৰ হাৰত বিক্ৰী হৈছিল। শেহতীয়াকৈ নৱন্না বৈঠকত ক্ষোভ প্ৰকাশ কৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।