NORTHEAST NOW (Assamese)
দেশ

বিবিচিয়ে প্ৰকাশ কৰিলে বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকা : তালিকাত আছে ৩ গৰাকী ভাৰতীয় মহিলাৰ নাম

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 6, 2024 4:10 pm

২০২৪ চনৰ বিশ্বৰ প্ৰভাৱশালী মহিলাৰ তালিকা প্ৰকাশ কৰিছে বিবিচিয়ে। বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত স্থান লাভ কৰিছে তিনিগৰাকী ভাৰতীয়ই। তেওঁলোক হ’ল সমাজ কৰ্মী অৰুণা ৰায়, প্ৰাক্তন মল্লযুঁজাৰু তথা কংগ্ৰেছৰ বিধায়ক বিনেশ ফ’গাট আৰু অন্ত্যেষ্টিক্ৰিয়া পৰিচালক পূজা শৰ্মা।

সমাজকৰ্মী অৰুণা ৰায় – অৰুণা ৰায়ে ভাৰতৰ দৰিদ্ৰ লোকৰ অধিকাৰৰ বাবে চাৰি দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে। এই কামৰ বাবেই তেওঁ অসামৰিক সেৱাৰ চাকৰি এৰিছিল। ইয়াৰ পিছত অৰুণাই পোনপটীয়াকৈ জনসাধাৰণৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে।

তেওঁ মাজদুৰ কিষাণ শক্তি সংগঠন (MKSS)ৰ সহ-প্ৰতিষ্ঠাপক। এই সংস্থাটোৱে স্বচ্ছতা আৰু ন্যায্য মজুৰিৰ বাবে কাম কৰে। ২০০৫ চনৰ তথ্য লাভৰ অধিকাৰ আইন প্ৰণয়নত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

ভাৰতীয় মহিলা ফেডাৰেচনৰ সভানেত্ৰী হিচাপে অৰুণা ৰায়ে আন্দোলনৰ নেতৃত্ব অব্যাহত ৰাখিছে। এই কাৰণতে তেওঁ এছিয়াৰ নোবেল হিচাপে পৰিচিত ৰেমন মেগছেছেকে ধৰি বহু বঁটাৰে সন্মানিত হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে তেওঁ মুকলি কৰিছিল তেওঁৰ জীৱনীমূলক গ্ৰন্থ ‘দ্য পাৰ্চনেল ইজ পলিটিকেল’।

মল্লযুঁজাৰু বিনেশ ফ’গাটম – তিনিবাৰৰ অলিম্পিয়ান বিনেশ ফ’গাট ভাৰতৰ অন্যতম সফল মল্লযুঁজাৰু। ক্ৰীড়াত মহিলাৰ বিৰুদ্ধে লিংগ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছিল তেওঁ। বিনেশ ফ’গাটে বিশ্ব চেম্পিয়নশ্বিপ, কমনৱেলথ আৰু এছিয়ান গেমছত পদক অৰ্জন কৰিছে।

বিনেশ এইবাৰ অলিম্পিকৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়। কিন্তু ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে তেওঁক ফাইনেলৰ পৰা বাদ দিয়া হৈছিল। ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ মল্লযুঁজৰ পৰা অৱসৰৰ কথা ঘোষণা কৰি সক্ৰিয়ভাৱে ৰাজনীতিত যোগদান কৰে। হাৰিয়ানা বিধানসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ হৈ বিনেশ ফোগাটে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে।

পূজা শৰ্মা – বিগত তিনি বছৰ ধৰি দিল্লীত অচিনাক্ত মৃতদেহৰ অন্তিম ৰীতি-নীতি পালন কৰি আহিছে পূজা শৰ্মাই। মাত্ৰ ২৮ বছৰীয়া পূজাই এই কামৰ প্ৰেৰণা লাভ কৰিছিল ব্যক্তিগত অভিজ্ঞতাৰ পৰা। ২০২২ চনত ভাতৃৰ মৃত্যুৰ পিছত অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত তেওঁক সহায় কৰিবলৈ কোনো আগবাঢ়ি নাহিল। সকলো কাম তেওঁ অকলেই কৰিছিল।

‘ব্ৰাইট দ্য ছ’ল’ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক পূজা শৰ্মা। তেওঁৰ কামৰ বাবে বহু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিশেষকৈ পুৰোহিতৰ পৰা। কাৰণ হিন্দু ধৰ্মৰ মতে এই কাম পুৰুষৰ বাবে সংৰক্ষিত। এই অসুবিধাৰ মাজতো তেওঁ এতিয়ালৈকে ৪ হাজাৰতকৈ অধিক লোকৰ শেষকৃত্য সম্পন্ন কৰিছে।

বিবিচিৰ এই ১০০জনীয়া তালিকাত মহাকাশচাৰী সুনীতা উইলিয়ামছ, শান্তিৰ নোবেল বঁটা বিজয়ী নাদিয়া মুৰাদ, ধৰ্ষণৰ বলি হোৱা জিজেল পেলিকোট, আডেনিকা ওলাডছু, হলিউডৰ অভিনেত্ৰী শ্বেৰন ষ্টোন আদিৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।