NORTHEAST NOW (Assamese)
অসম

উপ-মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছদিনাই অজিত পাৱাৰে ঘূৰাই পালে হাজাৰ কোটি টকাৰ ‘বেনামী’ সম্পত্তি!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 7, 2024 1:36 pm

বৃহস্পতিবাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শুকুৰবাৰেই অজিত পাৱাৰে হাজাৰ কোটি টকাৰ বেনামী সম্পত্তিৰ গোচৰত পালে ডাঙৰ সকাহ। ২০২১ চনত আয়কৰ বিভাগে বেনামীৰ অভিযোগত জব্দ কৰিছিল অজিত পাৱাৰ আৰু তেওঁৰ পৰিয়ালৰ বিশাল সম্পত্তি। শুকুৰবাৰে আয়কৰ ন্যায়াধিকৰণে এই সম্পত্তি মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে আয়কৰ ন্যায়াধিকৰণে কয় যে আয়কৰ বিভাগে এনে কোনো প্ৰমাণ দেখুৱাব নোৱাৰিলে যে অজিত পাৱাৰে এই সম্পত্তিটো বেনামীভাৱে ক্ৰয় কৰিছিল, বা অবৈধভাৱে ধন বিনিয়োগ কৰি সম্পত্তিটো ক্ৰয় কৰিছিল। ফলত ন্যায়াধিকৰণে পৰ্যাপ্ত প্ৰমাণৰ অভাৱত সম্পত্তি মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে। যাৰ অৰ্থ হ’ল হাজাৰ কোটি টকাৰ সম্পত্তি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীক ঘূৰাই দিয়া হ’ব।

লগতে পঢ়কঃ প্ৰাতঃভ্ৰমণলৈ ওলাই যোৱাৰ সময়তে ৰাজধানী দিল্লীত দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী  

২০২১ চনৰ অক্টোবৰ মাহত আয়কৰ বিভাগে বেনামী হিচাপে ক্ৰয়ৰ অভিযোগত অজিত পাৱাৰৰ পাঁচটা স্থাৱৰ সম্পত্তি জব্দ কৰিছিল। ইয়াৰ ভিতৰত আছিল মুম্বাইৰ নৰিমান পইণ্টত এটা বহুমূলীয়া ঘৰ, দিল্লীৰ কাৰ্যালয় আৰু ঘৰ, গোৱাৰ এটা ৰিজৰ্ট আৰু আটাইতকৈ উল্লেখযোগ্য এটা সমবায় চেনিৰ কাৰখানা।

আয়কৰ বিভাগে লগতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰ ৫০০ কোটি টকাৰ ২৭টা মাটিৰ প্লটো জব্দ কৰিছিল। আয়কৰ বিভাগে দাবী কৰিছিল যে এই সকলোবোৰ সম্পত্তি অজিত পাৱাৰ বা তেওঁৰ পৰিয়ালৰ সদস্যৰ।

আয়কৰ বিভাগে জব্দ কৰাৰ সময়ত অজিত পাৱাৰ বিৰোধী শিবিৰত আছিল। অৱশ্যে তেওঁ তেতিয়াও উপ-মুখ্যমন্ত্ৰীৰ পদত আছিল। কিন্তু গেৰুৱা শিবিৰৰ লগত হাত মিলাই দ্বিতীয়বাৰৰ বাবে উপ-মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই তেওঁ সেই সকলোবোৰ সম্পত্তি ঘূৰাই পালে।

লগতে পঢ়কঃ বিৰল মহাজাগতিক পৰিঘটনা! আজি একে শাৰীতে দেখা যাব পৃথিৱী-সূৰ্য্য-আৰু বৃহস্পতি গ্ৰহক

এই ঘটনাক লৈ স্বাভাৱিকতে বিৰোধী শিবিৰত প্ৰশ্ন উত্থাপন হৈছে। বিৰোধীয়ে দাবী কৰিছে যে এয়া বিজেপিত যোগদানৰ পুৰস্কাৰ। অৱশ্যে এই গোচৰৰ শুনানি দীৰ্ঘদিন ধৰি চলি আছিল।