NORTHEAST NOW (Assamese)
অসম

ড°বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানৰ মাজতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে বজালীত অথন্তৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 13, 2024 5:53 pm

এইবাৰ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী (বাণীকান্ত কাকতি বঁটা) দিয়াৰ ক্ষেত্ৰত একাংশক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীয়ে।

প্ৰথমে ৬০% নম্বৰ পোৱা সকলো ছাত্ৰী আৰু ৭৫% পোৱা সকলো ছাত্ৰকে স্কুটী দিছিল যদিও এইবাৰ কলেজত এডমিচন নলৈ বাহিৰত কোচ্চিং কৰা বা অন্য কোৰ্চ কৰা ছাত্ৰ-ছাত্ৰীক স্কুটীৰ পৰা বঞ্চিত কৰাক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সন্মুখতে ৰুদ্ৰ ৰূপ ধাৰণ কৰিলে একাংশ অভিভাৱকে।

যিহেতু আগতে উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট অনুসৰিহে এই বঁটা দিয়া হৈছিল, কলেজত নামভৰ্তি লোৱা নোলোৱাৰ কথা অহা নাছিল বুলি ও সংৱাদ মাধ্যমৰ আগত জনায় ছাত্ৰী সকলে।

কিন্তু এইবাৰ স্কুটী নিদিয়াৰ সিদ্ধান্ত লোৱা বাবে ছাত্ৰ-ছাত্ৰীসকলে দুখ প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে।