NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানতকৈ বাংলাদেশত বৃদ্ধি পাইছে হিন্দু নিগ্ৰহৰ ঘটনা! ’২৪ বৰ্ষৰ ৮ ডিচেম্বৰলৈ বাংলাদেশত ২২০০টা হিন্দু নিগ্ৰহৰ ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2024 2:17 pm

বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ঘটনা। বাংলাদেশত ২০২৪ চনত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। পূৰ্বতে ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্ক অবৈধ বাংলাদেশীক লৈ ভাৰত কিছু পৰিমাণে উদ্বিগ্ন আছিল। কিন্তু ২০২৪ বৰ্ষত ভাৰত-বাংলাদেশৰ মাজৰ সম্পৰ্কত শ্ৱেখ হাছিনা চৰকাৰৰ পতনৰ পাছতেই দুয়োখন দেশ চিৰবৈৰী হৈ পৰিল।

হিন্দু মন্দিৰত আক্ৰমণ, সংখ্যালঘু হিন্দুৰ ওপৰত অকথ্য নিৰ্যাতন বাংলাদেশত একেবাৰে সহজ বাতৰি হৈ পৰিল। এইসমূহৰ মাজতেই শুকুৰবাৰে সংসদত বিদেশ মন্ত্ৰীয়ে প্ৰকাশ কৰে উদ্বেগজনক তথ্য। বিগত বৰ্ষত পাকিস্তানতকৈও বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাৰ সংখ্যা বেছি। তথ্য অনুসৰি ২০২৪ চন ৮ ডিচেম্ৱৰ পৰ্যন্ত বাংলাদেশত সংঘটিত হৈছে ২,২০০টা হিন্দু নিৰ্যাতনৰ ঘটনা। ইফালে বিগত বৰ্ষত পাকিস্তানত ১১২টা হিন্দু নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে। অৰ্থাৎ পাকিস্তানৰ তুলনাত বিগত বৰ্ষত বাংলাদেশত ২,০৮৮ টা অধিক হৈছে হিন্দু নিৰ্যাতনৰ ঘটনা সংটিত হৈছে। আনহাতে বাংলাদেশত ২০২৩ চনত সংঘটিত হৈছে ৩০২টা হিন্দু নিৰ্যাতনৰ ঘটনা।

ক্ৰমশ: বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাদেশখনৰ হিন্দু ধৰ্মৰ সংখ্যালঘু লোকসকলক চিন্তিত কৰি তুলিছে।  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিন্দুৰ ওপৰত চলা আক্ৰমণৰ ঘটনাক গৰিহণা দিছে। বাংলাদেশ চৰকাৰ প্ৰশাসনক এনে ঘটনাৰ পুনৰাবৃত্তি নকৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ লবলৈও আহ্বান জনাই আহিছে মোদীয়ে