NORTHEAST NOW (Assamese)
অসম

ভঙাগড় হত্যাকাণ্ডৰ ৰহস্য ফাদিল! হত্যাৰ অভিযোগত তিনিজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 23, 2024 4:31 pm

গুৱাহাটীৰ ভঙাগড় অঞ্চলত শনিবাৰে এটা মৃতদেহ উদ্ধাৰৰ ঘটনাত দেওবাৰে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

উল্লেখ্য যে শনিবাৰে পুৱা গুৱাহাটীৰ ভঙাগড়ৰ চিলাৰায় নগৰ অঞ্চলত এটা মৃতদেহ উদ্ধাৰ হৈছিল।

মৃত লোকজন মৰম ময়ুৰ দত্ত বুলি জানিব পৰা গৈছে।

মৃত যুৱকজনৰ মুখত ফেন প্ৰত্যক্ষ কৰিছিল আৰক্ষীয়ে। ফলত সম্ভাৱ্য বিষক্ৰিয়া বা শ্বাসৰুদ্ধ হৈ মৃত্যু হোৱাৰ কথা অনুমান কৰিছিল।

খবৰ অনুসৰি আৰক্ষীয়ে মৃত যুৱকজনৰ দুজন বন্ধুক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে জনোৱা মতে, উক্ত যুৱক দুজন এই হত্যাকাণ্ডৰ লগত জড়িত আছিল।

গ্ৰেপ্তাৰ কৰা যুৱক দুজন অসীম দত্ত আৰু মাৰ্ধুয গগৈৰ বুলি জানিব পৰা গৈছে। মৃত যুৱকজনে তেওঁলোকৰ সৈতে মৃত্যুৰ পূৰ্বে একেলগে ড্ৰাগছ সেৱন কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ জিম্মাত অসীম দত্তই এই কথা স্বীকাৰ কৰা বুলি জানিব পৰা গৈছে।

লগতে তিনি বন্ধুক ড্ৰাগছ যোগান ধৰা প্ৰদীপ বৰ্মন নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।