NORTHEAST NOW (Assamese)
দেশ

৮ বছৰে প্ৰেম কৰি আন এগৰাকীৰ লগত বিয়া! খঙতে যৌনাংগ কাটিলে প্ৰাক্তন প্ৰেমিকাই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 23, 2024 5:39 pm

প্ৰেমত প্ৰতাৰণা কৰাৰ ভয়ংকৰ প্ৰতিশোধ ল’লে এগৰাকী যুৱতীয়ে। ৮ বছৰ প্ৰেমৰ সম্পৰ্কৰ পিছত আন এগৰাকীক বিয়া কৰাব খুজিছিল যুৱতীগৰাকীৰ প্ৰেমিকে। ক্ষোভত প্ৰেমিকাই এখন হোটেললৈ মাতি আনি যৌনাংগ কাটি পেলালে যুৱকজনৰ। শেহতীয়া খবৰ অনুসৰি তেওঁৰ অৱস্থা সংকটজনক।

দেওবাৰে উত্তৰ প্ৰদেশত সংঘটিত হয় এই ঘটনা। মুজাফ্ফৰপুৰৰ এখন হোটেলৰ কোঠাত ৰক্তাক্ত অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱকজনক।

আৰক্ষীৰ সূত্ৰ অনুসৰি তদন্তত যুৱকজন মুজাফ্ফৰপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আঠ বছৰ ধৰি তেওঁ স্থানীয় এগৰাকী যুৱতীৰে সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু যুৱকজনৰ পৰিয়ালে তেওঁলোকৰ সম্পৰ্কক মানি লোৱা নাছিল। শেষত যুৱকজনৰ পৰিয়ালে আন যুৱতীৰ লগত তেওঁৰ বিয়াখন ঠিক কৰি দিলে।

ঘটনাৰ দিনাই যুৱকজনৰ প্ৰেমিকাই তেওঁক এঁখন হোটেলৰ কোঠালৈ মাতে। আঠ বছৰ দীঘলীয়া সম্পৰ্কত থকাৰ পিছত কিয় আনৰ লগত বিয়া পাতিবলৈ মান্তি হ’ল, সেই প্ৰশ্ন উত্থাপন কৰিলে যুৱতীগৰাকীয়ে। কথা-বতৰা চলি থকাৰ লগে লগে ই কাজিয়ালৈ পৰিণত হয়। ইয়াৰ পিছত যুৱতীগৰাকীয়ে খঙত প্ৰেমিকৰ যৌনাংগ কাটি পেলালে।

ইতিমধ্যে আৰক্ষীয়ে তদন্তৰ অন্তত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিছে। ঘটনাৰ সবিশেষ তদন্ত অব্যাহত আছে।