NORTHEAST NOW (Assamese)
অসম

পাঁচখন ৰাজ্যৰ নতুন ৰাজ্যপাল নিযুক্তিত বৃহৎ সালসলনি; মণিপুৰত অমিত শ্বাহ ঘনিষ্ঠ অজয় ভাল্লা

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 25, 2024 9:37 am

মঙলবাৰে দেশৰ পাঁচখন ৰাজ্যৰ ৰাজ্যপালৰ পদত বৃহৎ সালসলনিৰ কথা ঘোষণা কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। এই নিযুক্তিৰ ফলত মণিপুৰ, মিজোৰাম, কেৰালা, ওড়িশা আৰু বিহাৰ ৰাজ্যত প্ৰভাৱ পৰিছে।

নতুন ৰাজ্যপালৰ এই নিযুক্তিসমূহৰ ভিতৰত আটাইতকৈ উল্লেখযোগ্য হ’ল মণিপুৰৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ হিচাপে পৰিচিত প্ৰাক্তন কেন্দ্ৰীয় গৃহ সচিব অজয় ​​কুমাৰ ভাল্লাৰ নিযুক্তি।

মণিপুৰৰ সংঘাতৰ পৰিস্থিতিৰ মাজতে অজয় ​​কুমাৰ ভাল্লাৰ নিযুক্তি অতি তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত দীৰ্ঘদিনীয়া অভিজ্ঞতা আৰু আভ্যন্তৰীণ সুৰক্ষা ব্যৱস্থাৰ দক্ষতাৰ বাবেই তেওঁক এই পদৰ বাবে নিৰ্বাচিত কৰা হৈছে বুলি অনুমান কৰা হৈছে। ভাল্লাৰ নেতৃত্বত মণিপুৰলৈ শান্তি আৰু স্থিতিশীলতা ঘূৰাই আনিব বুলি আশা কৰা হৈছে।

কেৰালাত কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত আৰিফ মহম্মদ খানে এইবাৰ বিহাৰৰ ৰাজ্যপালৰ দায়িত্ব গ্ৰহণ কৰিব। বিহাৰৰ ২০২৫ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি দৃষ্টি ৰাখি ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাৰ এই পৰিৱৰ্তন গুৰুত্বপূৰ্ণ।

মিজোৰামৰ বৰ্তমানৰ ৰাজ্যপাল হৰি বাবু কাম্বাম্পতীক ওড়িশাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে। ওড়িশাৰ বৰ্তমানৰ ৰাজ্যপাল ৰঘুবৰ দাসে পদত্যাগ কৰাৰ পিছতে এই পৰিৱৰ্তন কৰা হৈছে।

মিজোৰামৰ নতুন ৰাজ্যপাল হিচাপে দায়িত্ব ল’ব প্ৰাক্তন সেনা বিষয়া জেনেৰেল বিজয় কুমাৰ সিঙে। তেওঁৰ সামৰিক অভিজ্ঞতা আৰু প্ৰশাসনিক দক্ষতাই ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

বিহাৰৰ বৰ্তমানৰ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰক কেৰালাৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে।

ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা অনুসৰি ৰাজ্যপালৰ তালিকা

১. হৰি বাবু কাম্বাম্পতীঃ মিজোৰামৰ ৰাজ্যপালৰ পৰা পৰা ওড়িশাৰ ৰাজ্যপাল।

২. জেনেৰেল বিজয় কুমাৰ সিং (অৱসৰপ্ৰাপ্ত): মিজোৰামৰ নতুন ৰাজ্যপাল।

৩. ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰঃ বিহাৰৰ ৰাজ্যপালৰ পৰা কেৰালাৰ ৰাজ্যপাল।

৪. আৰিফ মহম্মদ খানঃ কেৰালাৰ ৰাজ্যপালৰ পৰা বিহাৰৰ ৰাজ্যপাল।

৫. অজয় কুমাৰ ভল্লাঃ মণিপুৰৰ নতুন ৰাজ্যপাল।

নৱনিযুক্ত ৰাজ্যপালসকলে নতুন পদ গ্ৰহণ কৰাৰ সময়ৰ পৰাই এই নিযুক্তি কাৰ্যকৰী হ’ব।

এই নিযুক্তিসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰশাসনিক গাঁথনি শক্তিশালী কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবেও গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। বিশেষকৈ বিহাৰ আৰু মণিপুৰত এই নিযুক্তিসমূহ ৰাজনৈতিক আৰু প্ৰশাসনিকভাৱে তাৎপৰ্যপূৰ্ণ। এতিয়া ৰাজ্যপালৰ এই সালসলনিয়ে দেশৰ ৰাজনৈতিক ভৱিষ্যতত কি প্ৰভাৱ পেলায় তালৈ সকলোৱে লক্ষ্য ৰাখিছে।