NORTHEAST NOW (Assamese)
দেশ

চাবুকেৰে নিজকে কোবাই পিঠিৰ ছাল ছিঙি দিলে বিজেপি নেতাই? কিহৰ শাস্তি দিলে নিজকে?

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 28, 2024 10:47 am

তামিলনাডুৰ ৰাজপথত নিজৰেই উদং পিঠিত নিজেই কোবাই পিঠিৰ ছাল ছিঙি দিলে এগৰাকী বিজেপি নেতাই।

তামিলনাডু বিজেপিৰ ৰাজ্যিক সভাপতি অন্নমলাই এইদৰে নিজকে নিজেই প্ৰহাৰ কৰে।

শুকুৰবাৰে পুৱা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰে এই ঘটনাৰ ভিডিঅ

কিন্তু হঠাৎ কিয় এনেকৈ নিজকে আঘাত কৰিলে বিজেপি নেতাগৰাকীয়ে?

তামিলনাডুৰ আন্না বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ ঘটনাৰ বাবে অশান্ত হৈ পৰিছে তামিলনাডুৰ ৰাজনীতি। সেই বিষয়ত আন্নামলাই ৰাজ্যত ডি এম কে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ হিচাপে নিজকে ৬ বাৰ চাবুকেৰে কোবাইছিল।

এম কে ষ্টেলিনৰ চৰকাৰে ৰাজ্যখনৰ মহিলাসকলক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ নেতাগৰাকীয়ে। আন্না বিশ্ববিদ্যালয়ৰ ধৰ্ষণ কাণ্ডক লৈ সমগ্ৰ তামিলনাডুত বিজেপিয়ে প্ৰতিবাদ কৰিব বুলিও তেওঁ সকীয়াই দিয়ে।