NORTHEAST NOW (Assamese)
Popular Stories

কইনাৰ ঘৰত দৰাক সময়ত ৰুটি নিদিয়াৰ বাবে ভাঙিলে বিয়া! ক’ত সংঘটিত হ’ল এই অদ্ভুত ঘটনা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2024 8:12 pm

বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। সংগীত বাজি আছিল, এজন এজনকৈ আলহী আহি আছিল। কিন্তু হঠাৎ দৰাৰ চিঞৰত বিঘিনি ঘটিল। ছোৱালীৰ ঘৰৰ মানুহে ৰুটি দিয়াত দেৰি কৰিলে! যুৱকজনে এই বিষয়কে লৈ হুলস্থুল কৰি বিয়াখন ভাঙি পেলালে! এই ঘটনাত যুৱকজনৰ লগতে তেওঁৰ ঘৰৰ আন ৫জন লোকৰ বিৰুদ্ধেও আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে।

উত্তৰ প্ৰদেশৰ চাণ্ডুলিৰ হামিদপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। খাদ্য দিয়াত পলম হোৱাৰ বাবে যুৱকজনে বিয়াখন ভাঙি পেলালে। সেই পৰিপ্ৰেক্ষিতত তেওঁলোকে তেওঁৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে। যুৱকজনৰ ঘৰৰ আন ৫জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।

আৰক্ষীৰ মতে, মেহতাব নামৰ যুৱকজনে তেওঁৰ ঘৰৰ মানুহে খাদ্য নাপায় বুলি দাবী কৰে। ৰুটি দিয়াত দেৰি হৈ গল। সেইবাবেই দৰা ঘৰৰ সকলোৰে লগত ওলাই গ’ল। কইনা পক্ষৰ মতে তেওঁক ৰখাবলৈ কেইবাবাৰো চেষ্টা কৰা হৈছিল যদিও মেহতাবে নুশুনিলে।

ছোৱালীজনীৰ ঘৰৰ মানুহে দাবী কৰিছে যে তেওঁলোকে বিয়াৰ বাবে ৭ লাখ টকা খৰচ কৰিছে। তাৰে ১.৫ লাখ টকা মেহতাবক দিয়া হৈছিল। তেওঁলোকে এতিয়া সেই ধন ঘূৰাই বিচাৰে। তদন্তৰ অন্তত মেহতাবৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব বুলি আৰক্ষীয়ে আশ্বাস দিছে।