NORTHEAST NOW (Assamese)
দেশ

হিচাপ নিদিয়াৰ বাবে কমিছে দাতা! অনুদান কমি আহিছে পি এম কেয়াৰছৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 29, 2024 9:06 am

হঠাতে হ্ৰাস পাইছে পিএম কেয়াৰ্ছৰ অনুদানৰ ধন। প্ৰথমতে এই আঁচনিৰ অনুদানৰ ধনৰ পৰিমাণ এবছৰত জমা হৈছিল ৭ হাজাৰ ১৮৪ কোটি, এতিয়া ই মাত্ৰ ৯১২ কোটিলৈ হ্ৰাস পাইছে।

অনুমান কৰা হৈছে যে কেন্দ্ৰই জবাবদিহিতাৰ ওপৰত জোৰ দিয়াৰ বাবে আৰু পুঁজিৰ স্বচ্ছতাৰ অভাৱৰ বাবেই এই পুঁজিৰ প্ৰতি মানুহৰ আগ্ৰহ কমিছে। ফলত ক্ৰমান্বয়ে সাহায্যৰ পৰিমাণ কমি আহিছে।

প্ৰধানমন্ত্ৰীয়ে ২০২০-২১ চনত বিশ্বত ভয়ানক মহামাৰীৰ সময়ত দেশবাসীক সহায়ৰ বাবে আবেদন জনায়। ভাৰতীয়সকলে সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছিল। দেশ-বিদেশ উভয়ৰে পৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ বিপুল অনুদান আগবঢ়াইছিল।

কিন্তু সেই বৃহৎ পৰিমাণৰ ধনৰ হিচাপ ৰাজহুৱা কৰিবলৈ চৰকাৰে সন্মতি নিদিলে। যাৰ বাবে আদালতত গোচৰ চলি আছে।

অভিযোগ উত্থাপন হৈছিল যে এই পুঁজিত জমা হোৱা ধন ৰাজনৈতিক কামত ব্যৱহাৰ কৰা হৈছে। প্ৰচণ্ড হেঁচাত কেগৰ (CAG) পৰা ইয়াৰ অডিট অধিকাৰ কাঢ়ি লোৱা হৈছে।

কেন্দ্ৰৰ মতে, এই অনুদান পুঁজিসমূহ অডিটৰ অধীনত নাহে। স্বাভাৱিকতে হিচাপ-নিকাচৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কোনে কিমান টকা দান কৰিছে সেই কথা পোহৰলৈ অহা নাই। এই বিতৰ্কৰ বাবেই পি এম কেয়াৰছ ফাণ্ডৰ অনুদান হ্ৰাস পাবলৈ আৰম্ভ কৰিছে বুলি ধাৰণা কৰা হৈছে।