NORTHEAST NOW (Assamese)
দেশ

নাবালিকাক ঘৰলৈ মাতি আনি যৌন নিৰ্যাতন : শিক্ষকক ১১১ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 2, 2025 3:53 pm

নাবালিকা ছাত্ৰীক ঘৰলৈ মাতি আনি ধৰ্ষণ কৰাৰ অপৰাধত অভূতপূৰ্ব শাস্তি লাভ কৰিছে এগৰাকী গৃহ শিক্ষকে। অভিযুক্তক ১১১ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহা হৈছে।

আদালতে লগতে কয় যে প্ৰয়োজন হলে কাৰাদণ্ডৰ ম্যাদ বৃদ্ধি হব পাৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০১৯ চনত থিৰুৱানন্তপুৰমত ঘটনাটো সংঘটিত হৈছিল। বিশেষ শ্ৰেণীৰ নামত একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীক ঘৰলৈ মাতি ধৰ্ষণ কৰিছিল শিক্ষকগৰাকীয়ে।

আনকি অভিযুক্তই ধৰ্ষণ কাণ্ডৰ ভিডিঅও নিজৰ মোবাইল ফোনত ৰেকৰ্ডিং কৰে। ঘটনাৰ পিছত যেতিয়া ছাত্ৰীগৰাকীয়ে টিউচনত উপস্থিত থকা বন্ধ কৰি দিয়ে তেতিয়া অভিযুক্তই তেওঁৰ ছবি আৰু ভিডিঅচিয়েল মিডিয়াত পোষ্ট কৰে। যিটো ভাইৰেল হৈ পৰে।

ছাত্ৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰ পোৱাৰ পিছতে আৰক্ষীয়ে শিক্ষকজনক গ্ৰেপ্তাৰ কৰে। আনহাতে, নাবালিকা ছাত্ৰীৰ ধৰ্ষণৰ কথা জানিব পাৰি অভিযুক্তৰ পত্নীয়ে আত্মহত্যা কৰে।

এই গোচৰৰ শুনানি যোৱা পাঁচ বছৰ ধৰি চলিছিল। অৱশেষত তিৰুৱানন্তপুৰমৰ ফাষ্ট ট্ৰেক আদালতে অভিযুক্তক দোষী সাব্যস্ত কৰে। ১১১ বছৰৰ কাৰাদণ্ডৰ উপৰিও অভিযুক্তক ১.০৫ লাখ টকা জৰিমনা আদায় দিবলৈও কোৱা হৈছে।