NORTHEAST NOW (Assamese)
অসম

শুৱালকুছিৰ ৰেচম বস্ত্ৰৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ সন্তুষ্টি প্ৰকাশ বৰষাৰাণী বিষয়াৰ

Posted by: এন ই নাও নিউজ May 27, 2018 9:47 am
বৰষাৰাণী বিষয়া

আন্তঃৰাষ্ট্ৰীয় বজাৰত সুকীয়া স্থান লাভ কৰা, অসমৰ সাংস্কৃতিক ঐতিহ্য বহন কৰা শুৱালকুছিৰ  ৰেচম বস্ত্ৰৰ ‘ব্ৰেণ্ড এম্বেছাডৰ হোৱা সুযোগ লাভ কৰি গৌৰৱবোধ কৰিছে অসমীয়া চলচ্চিত্ৰ জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই।

শুৱালকুছিৰ বয়ন শিল্পৰ সমাদৰ ৰাজ্যৰ লগতে দেশৰ বাহিৰতো জনপ্ৰিয় হোৱাৰ সম্ভাৱনালৈ চাই অসম চৰকাৰে ইয়াক বিশ্বৰ বজাৰত তুলি ধৰাৰ প্ৰয়াসেৰে শেহতীয়াকৈ কিছু পদ৭এপ গ্ৰহণ কৰিছে। অভিনেত্ৰী বৰষাৰাণী বিষয়াক এই শিল্পৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে লোৱা হৈছে।

শনিবাৰে শুৱালকুছি তাঁত শিল্প উন্নয়ন সমিতিৰ উদ্যোগত অনুষ্ঠিত সংবাদমেলত উপস্থিত থাকি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে কয় যে শুৱালকুছিৰ শিপিনীয়ে মুগা-পাট বস্ত্ৰৰ উদ্যোগটো সংৰক্ষণ আৰু সংবৰ্দ্ধনৰ বাবে অহোপুৰুষাৰ্থ কৰিছে।

শিপিনীসকলৰ এই ত্যাগ আৰু বদান্যতাৰ সুযোগ লৈ এচাম লোকে শুৱালকুছিৰ  আৰ্হিৰ নকল বস্ত্ৰৰ বেহা কৰি শুৱালকুছিৰ হস্ত-তাঁত শিল্পটো ধ্বংসৰ অভিসন্ধি কৰিছে। তেওঁ কয় যে শুৱালকুছি ট্ৰেডমাৰ্কে ৰেচম বস্ত্ৰৰ বিশুদ্ধতা  ৰক্ষাৰ লগতে নকল বস্ত্ৰৰ আগ্ৰাসন ৰোধ কৰিব।

অভিনেত্ৰীগৰাকীয়ে শনিবাৰে নিশা শুৱালকুছি বালিচৰত অনুষ্ঠিত সাংস্কৃতিক মঞ্চত শুৱালকুছি ট্ৰেড মাৰ্কৰ হল’গ্ৰাম উন্মোচন কৰে।