NORTHEAST NOW (Assamese)
Popular Stories

অবিবাহিত দম্পতীৰ বাবে বন্ধ হ’ব ‘OYO’ৰ দুৱাৰ! হোটেলত থাকিব বিচাৰিলে দিব লাগিব বৈধ প্ৰমাণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 5, 2025 2:35 pm

অবিবাহিত দম্পতীৰ থকাৰ ব্যৱস্থা সম্পৰ্কীয় নিয়ম সলনি কৰিছেয়োৱে। এতিয়াৰ পৰা অবিবাহিত প্ৰেমিক-প্ৰেমিকাসকলে আৰু ইচ্ছানুসৰি বুকিং কৰিব নোৱাৰিব। বৰঞ্চ হোটেলত থাকিব বিচাৰিলে অয়োৰ ৱেবছাইটত সম্পৰ্কৰ প্ৰমাণ জমা দিব লাগিব। নতুন বছৰত এনে সিদ্ধান্তৰ কথা ঘোষণা কৰিছে অয়ই। শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ মেৰুটৰ পৰা এই সন্দৰ্ভত এক গাইডলাইন মুকলি কৰা হৈছে।

অয়ৰ নতুন নিয়ম অনুসৰি হোটেল চেক-ইনৰ সময়ত দম্পতীয়ে সম্পৰ্কৰ প্ৰমাণদাখিল কৰিব লাগিব। এই বিকল্প কেৱল অয়ত অনলাইনত হোটেল বুকিংকৰাৰ সময়তহে আহিব। ৰিতেশ আগৰৱালাৰ প্ৰতিষ্ঠানটোৱে অংশীদাৰসকলক সামাজিক যোগাযোগৰ ওপৰত চকু ৰাখিবলৈ, স্থানীয় লোকক প্ৰভাৱিত কৰিবলৈ কয় যাতে কোনো অবিবাহিত দম্পতীয়ে হোটেলত চেক-ইনকৰিব নোৱাৰে। ইতিমধ্যে অয়ই মেৰুটৰ পৰাই সেই নিয়ম প্ৰৱৰ্তন কৰিছে। কিছুদিনৰ পাছত দেশৰ আন প্ৰান্তত জাৰি হব নতুন নিয়ম।

উল্লেখ্য যে,  অবিবাহিত দম্পতীয়ে হোটেলত থাকিব নোৱাৰে বুলি ভাৰতত কোনো নিয়ম বা আইনী বাধা নাই। কিন্তু মাজে মাজে দেখা যায়, সামাজিক হেঁচা আৰু কিছু আইনী জটিলতাৰ পৰা হাত সাৰিবলৈ বহু কৰ্তৃপক্ষই প্ৰেমিক-প্ৰেমিকাৰ বাবে হোটেলৰ দুৱাৰ বন্ধ কৰি দিয়ে। সেই ক্ষেত্ৰত অয়োৰ নিয়ম বিপৰীত আছিল। দৰাচলতে ২০১৩ চনৰ মেমাহত অয়ো ৰুমছপ্ৰতিষ্ঠা আৰু কেইবছৰমানৰ ভিতৰতে কোম্পানীটোৰ আকাশলংঘী সফলতাৰ আঁৰৰ অন্যতম কাৰণ হল অবিবাহিত দম্পতীৰ হোটেলৰ অনুমতিঅয়োই তুলনামূলকভাৱে কম দামত ভাল হোটেলৰ ঠিকনা প্ৰদান কৰে। কিন্তু হঠাৎ নিয়ম সলনি হোৱাৰ কাৰণ কি?

য়োই এক বিবৃতিত কয় যে শেহতীয়াকৈ নাগৰিক সমাজৰ বিভিন্ন প্ৰতিক্ৰিয়াৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। বিশেষকৈ এনে বহু আবেদন মীৰুটৰ পৰা আহিছে। ইয়াৰ বাহিৰেও আন চহৰৰ পৰাও এনে বহু আবেদন আহি আছে। সকলোৱে বিচাৰে অবিবাহিত দম্পতীৰ হোটেলত থকা নিষেধাজ্ঞা। এনে সকলো আবেদন পৰীক্ষা কৰি নতুন সিদ্ধান্ত লৈছে অয়ই। সংবাদ সংস্থা পিটিআইৰ আগত অয়ৰ উত্তৰ অঞ্চলৰ মুৰব্বী পবছ শৰ্মাই কয় যে আমি নিৰাপদ আৰু দায়িত্বশীল আতিথ্যৰ প্ৰতি দায়বদ্ধ। ব্যক্তিগত স্বাধীনতা আৰু ব্যক্তিগত স্বাধীনতাক আমি যিমানেই সন্মান কৰো, আমি যিবোৰ ক্ষেত্ৰত কাম কৰি আছো, সেইবোৰৰ নাগৰিক সমাজ আৰু আইন প্ৰয়োগকাৰী সংস্থাৰ প্ৰতি আমাৰ দায়িত্ব পাহৰি নাযাওঁ। আমি নতুন নীতিৰ প্ৰভাৱ পৰ্যায়ক্ৰমে পৰ্যালোচনা কৰিম।অয়োৱে দাবী কৰে যে পৰিয়ালৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, একক ভ্ৰমণকাৰীলৈকে সকলোৱে যাতে একে স্তৰৰ নিৰাপত্তা লাভ কৰে তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে থাকে।