NORTHEAST NOW (Assamese)
জীৱনশৈলী

গাহৰি খোৱাটো স্বাস্থ্যৰ বাবে ভালনে? গাহৰি কিদৰে খাব লাগে? জানো আহক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 6, 2025 3:58 pm

অসমৰ এক বৃহৎ সংখ্যক মানুহৰ প্ৰিয় খাদ্য হ’ল গাহৰি। কিন্তু বহু লোকৰ মাজত গাহৰি এক অস্বাস্থ্য সম্পন্ন খাদ্য বুলি এক প্ৰচলন আছে। গাহৰি স্বাস্থ্যসন্মত খাদ্য নহয় বুলিয়েই বহু ব্যক্তিয়ে গাহৰিৰ মঙহ খোৱাৰ পৰা আঁতৰি থাকে।

সি যি কি নহওক, গাহৰি অসমীয়া সমাজৰ, বিশেষকৈ জনজাতীয় সমাজৰ এক পৰিহাৰ্য খাদ্য। বিভিন্ন মাংগলিক অনুষ্ঠানত গাহৰিৰ বহুল প্ৰচলন আছে। আনকি দৈনিক খাদ্যভাসতো গাহৰিৰ মঙহ এক এৰাব নোৱাৰা অংগ।

নিয়মমতে খালে আৰু সঠিকভাৱে ৰান্ধিলে গাহৰিৰ মাংস আপোনাৰ খাদ্যৰ এক স্বাস্থ্যকৰ অংশ হ’ব পাৰে। কিন্তু ইয়াৰ স্বাস্থ্যজনিত প্ৰভাৱ কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, যেনে মাংস কটা, প্ৰস্তুতিৰ পদ্ধতি, আৰু আপোনাৰ স্বাস্থ্যৰ অৱস্থা।

গাহৰিৰ মাংসৰ স্বাস্থ্য উপকাৰীতা সম্পৰ্কে জানো আহক –

১. গাহৰিৰ মাংস হৈছে সম্পূৰ্ণ প্ৰটিনৰ এক উৎকৃষ্ট উৎস। গাহৰিৰ মঙহে পেশীৰ গঠন আৰু মেৰামতিৰ ক্ষেত্ৰত সহায় কৰে।

২. গাহৰিৰ মাংসত প্ৰচুৰ পৰিমাণে বি ভিটামিন থাকে। গাহৰিত পোৱা ভিটামিন বি ১ (থাইয়ামিন), বি ৬, আৰু বি ১২ আদি বিপাকীয় ক্ৰিয়া আৰু স্নায়ুৰ কাৰ্য্যৰ বাবে দৰকাৰী।

৩. গাহৰিৰ মাংসত জিংক, ফছফৰাছ, চেলেনিয়াম, আৰু আইৰণ থাকে। যিবোৰ শৰীৰৰ বিভিন্ন কাৰ্য্যৰ বাবে অতি প্ৰয়োজনীয়।

গাহৰি মাংস খোৱাৰ ক্ষেত্ৰত মনত ৰাখিবলগা কেইটামান কথা –

১. গাহৰিৰ মাংসৰ চৰ্বিত অধিক পৰিমাণৰ সংপৃক্ত চৰ্বি থাকে। গতিকে অত্যধিকভাৱে গাহৰি খালে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।

২. বেকন, চচ্চেজ আৰু হামত প্ৰায়ে অধিক পৰিমাণৰ নিমখ (ছডিয়াম) আৰু সংৰক্ষক, যেনে নাইট্ৰেট আৰু নাইট্ৰাইট থাকে। গতিকে, প্ৰচেছড মাংস অত্যধিক সেৱনৰ ফলত কিছুমান কৰ্কট ৰোগ আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ আশংকা থাকে।

৩. গাহৰিৰ মাংস কমকৈ সিজাই খালে ‘ট্ৰাইচিনেলা’ৰ দৰে ক্ষতিকাৰক বেক্টেৰিয়া বা পৰজীৱী শৰীৰত প্ৰৱেশ কৰিব পাৰে। গতিকে গাহৰিৰ মাংস ভালকৈ উত্তলাই বা সিজাই খাব লাগে।

৪. উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ আাদিৰ দৰে সমস্যা থাকিলে পৰাপক্ষত গাহৰি খোৱাৰ পৰা বিৰত থাকিব লাগে।

৫. গাহৰিৰ চৰ্বী বেছিকৈ খোৱাৰ সলনি সীমিত পৰিমাণে ৰঙা মাংস খিনি খাব লাগে।

৬. গাহৰি তেলত ভাজি খোৱাৰ পৰিৱৰ্তে ভাপত দি বা সিজাই খাব লাগে।

৭.  গাহৰিৰ মাংসৰ লগত প্ৰচুৰ পৰিমাণে শাক-পাচলি, গোটা শস্য, চালাদ আদি খাব লাগে।

৮. যদি আপুনি কোনো ৰোগত আক্ৰান্ত তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিহে গাহৰি মাংস ভক্ষণ কৰক।