NORTHEAST NOW (Assamese)
অসম

অনলাইন জুৱাৰ পৰিণতি : ১২ লাখ টকা হেৰুৱাই সৰ্বনাশী সিদ্ধান্ত ল’লে কাছাৰৰ যুৱকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 6, 2025 7:48 pm

কাছাৰৰ কাটিগড়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এজন ব্যক্তিয়ে অনালাইন জুৱাত বৃহৎ পৰিমাণৰ টকা হেৰুৱাই শেষত আত্মহত্যাৰ পথ বাচি লোৱা বুলি জানিব পৰা গৈছে।

খবৰ অনুসৰি কাটিগড়াৰ সিদ্ধেশ্বৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা।

এনেদৰে আত্মহত্যাৰ পথ বাচি লোৱা ব্যক্তিজন বিশ্বজিৎ মালাকাৰ বুলি জানিব পৰা গৈছে।

দেওবাৰে সন্ধিয়া বিশ্বজিৎ মালাকাৰে এই ঘটনা সংঘটিত কৰা বুলি খবৰ প্ৰকাশ পাইছে।

উল্লেখ্য যে জুৱাত হাৰি বিগত কিছুদিন ধৰি মানসিক চাপত ভুগি আছিল বিশ্বজিৎ।

জানিব পৰা মতে, ইয়াৰ আগতেও দুবাৰ আত্মহত্যাৰ চেষ্টা কৰিছিল বিশ্বজিতে। কিন্তু পৰিয়ালৰ লোকে উদ্ধাৰ কৰিছিল তেওঁক।