NORTHEAST NOW (Assamese)
দেশ

মুকলি আকাশৰ তললৈ আহিল ধৰ্ষণৰ অভিযোগত যাৱজ্জীৱন কাৰাগাৰৰ শাস্তি পোৱা হিন্দু ধৰ্মগুৰু আশাৰাম বাপুৱে : জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 7, 2025 3:05 pm

জামিন লাভ কৰিলে নাবালিকাক যৌন নিৰ্যাতনৰ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা স্বয়ম্ভু ধৰ্মগুৰু আশাৰাম বাপুৱে।

আজি উচ্চতম ন্যায়ালয়ে আশাৰামৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে।

জানিব পৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে অহা ৩১ মাৰ্চলৈ জামিন প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে।

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে ৮৫ বছৰীয়া ধৰ্মগুৰুজনক জেলৰ বাহিৰত থকাৰ সময়ত অনুগামীসকলক লগ নকৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা স্বয়ম্ভু ধৰ্মগুৰু গৰাকী যোধপুৰৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাগাৰত আছিল। অৱশ্যে অসুস্থতাৰ বাবে বৰ্তমান যোধপুৰৰ আৰোগ্য চিকিৎসা কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। তেওঁৰ হৃদযন্ত্ৰৰ সমস্যা আছে। তেওঁৰো এবাৰ হাৰ্ট এটেক হৈছিল।

২০১৩ চনত যোধপুৰৰ আশ্ৰমত ১৬ বছৰীয়া এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল আশাৰাম বাপুৰ বিৰুদ্ধে। ইয়াৰ পিছত ২০১৩ চনৰ আগষ্ট মাহত ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। যোধপুৰৰ আদালতে ২০১৮ চনত এই গোচৰত মৌলবীজনক দোষী সাব্যস্ত কৰিছিল।

এই গোচৰত স্বঘোষিত ধৰ্মগুৰুজনক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এই গোচৰত আশাৰামৰ পৰিয়ালৰ সদস্যৰ লগতে একাংশ শিষ্যৰ বিৰুদ্ধেও অভিযোগ উত্থাপন হৈছিল।