NORTHEAST NOW (Assamese)
Popular Stories

সেনা কেপ্তেইনৰ ভুৱা পৰিচয়ৰে প্ৰেমৰ জাল! লাখ-লাখ টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰতাৰক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2025 4:39 pm

সেনাবাহিনীৰ কেপ্তেইনৰ ভুৱা পৰিচয়েৰে এইজন লোকে এগৰাকীৰ পাছত সিগৰাকী মহিলা প্ৰেমত পৰে। ইয়াৰ পাছত অৱশেষত মহিলাসকলৰ পৰা লাখ লাখ টকা চুৰি কৰি গ্ৰেপ্তাৰ হল এজন ৪০ বছৰীয়া যুৱক। আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ নাম হায়দৰ আলী, ওড়িশাৰ বালাচোৰৰ বাসিন্দা।

অভিযোগ অনুসৰি যুৱকজনে নিজকে ঋতিক বেগল বুলি পৰিচয় দি কেইবাগৰাকীও মহিলাৰ সৈতে  সম্পৰ্ক স্থাপন কৰিছিল। তেওঁ সেনাৰ চিকিৎসা বিষয়া বুলি সকলোকে পৰিচয় দিয়ে। অভিযোগ অনুসৰি ছচিয়েল মিডিয়াত একাধিক একাউণ্ট খুলি সেনাৰ ইউনিফৰ্ম পিন্ধি একাধিক ভুৱা ছবি আপলোড কৰিছিল। খবৰ অনুসৰি বহু মহিলা তেওঁৰ প্ৰেমত পৰিছিল। তাৰ পাছত মহিলাসকলক ফান্দত পেলাই টকাখিনি তেওঁলোকৰ পৰা লোৱা আত্মসাৎ কৰা হৈছিল।

এনেকৈয়ে চলি আছিল হাইদৰৰ খেল। উল্লেখ্য যে, তেওঁ ওড়িশাৰ বাসিন্দা হলেও আগতে আন ৰাজ্যক লক্ষ্য কৰি লৈছিল। যুৱকজনৰ নিচা আৰু পেছা আছিল বিভিন্ন ৰাজ্যৰ মহিলাৰ সৈতে ফোনত কথা পাতি ভুৱা বিবাহৰ প্ৰতিশ্ৰুতি দি ধন সংগ্ৰহ কৰা। তদুপৰি যৌন সম্পৰ্ক কৰি ব্লেকমেইলিং কৰি ধন দাবী কৰিছিল। কিন্তু উত্তৰ প্ৰদেশত ভুৱা সেনাবাহিনীৰ ৰূপ লৈ তেওঁৰ প্ৰতাৰণা কৰাৰ চেষ্টা বিফল কৰে আৰক্ষীয়ে। লক্ষ্ণৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা কৰি সত্য প্ৰকাশ কৰিলে।

আগতে মহিলাৰ পৰা ধন সংগ্ৰহৰ বাবে তেওঁ নিজকে সেনা বিষয়া বুলি পৰিচয় দিছিল সেয়া স্পষ্ট। আৰক্ষীৰ মতে, তেওঁ মহিলাক ইনষ্টাগ্ৰামত একাধিক প্ৰফাইল তৈয়াৰ কৰি প্ৰতাৰণা কৰিছিল। হায়দৰাবাদ, কেৰালা, কৰ্ণাটক, উত্তৰ প্ৰদেশৰ দৰে ঠাই যেনেকৈ সেই তালিকাত আছে তাত পশ্চিম বংগৰ নামো আহিছে।

তেওঁ IndianCommandoHarik, ArmanBeglow, Army3889 নামৰ কেইবাটাও ভুৱা প্ৰফাইলৰ পৰা ইনষ্টাগ্ৰামত সেনাবাহিনীৰ ইউনিফৰ্ম পিন্ধা ছবি আপলোড কৰিছিল।

শেহতীয়াকৈ লক্ষ্ণৌৰ এগৰাকী যুৱতীৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল। কিছুদিন পূৰ্বে মহিলাগৰাকীক ধন বিচৰা হৈছিল। ইয়াৰ পাছতে তেওঁ আৰক্ষীৰ সৈতে যোগাযোগ কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গম পালে যে যুৱকজনৰ সকলো তথ্য মিছা। তাৰ পাছতে আৰক্ষীয়ে যুৱকজনক হাতে-লোটে ধৰে। আৰক্ষীয়ে অভিযুক্তৰ পৰা ভুৱা পৰিচয় পত্ৰকে ধৰি কেইবাখনো জাল নথি জব্দ কৰে। লগতে তেওঁৰ সকলো ছচিয়েল মিডিয়া একাউণ্ট নিষিদ্ধ কৰা হৈছে।