NORTHEAST NOW (Assamese)
অসম

আকৌ বাঘ-মানুহৰ সংঘাত! তিনিচুকীয়াত বাঘৰ আক্ৰমণত আহত একাধিক লোক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 10, 2025 6:30 pm

তিনিচুকীয়াত বনাঞ্চলৰ পৰা বিচ্যুত হোৱা এটা নাহৰফুটুকীয়ে আক্ৰমণ চলাই একাধিক লোক আহত হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ডুমডুমাৰ জনাঞ্চলত বিপথে পৰিচালিত হোৱা এটা বাঘে বাটত লগ পোৱা সকলো ব্যক্তিক লক্ষ্য কৰি আক্ৰমণৰ চেষ্টা কৰে।

প্ৰথমটো আক্ৰমণ ফিলোবাৰীৰ সমীপত সংঘটিত হয়নাহৰফুটুকীটোৱে শ্ৰীমন্ত গোহাঁই নামৰ এজন লোকক আক্ৰমণ কৰে।

ইয়াৰ অলপ পিছতে নাহৰফুটুকীটোৱে পুনৰ আক্ৰমণ কৰে ৰোহিন মৰাণ নামৰ এজন ব্যক্তিক।  

দুয়োটা আক্ৰমণ তিনিচুকীয়াৰ ফিলবাৰীৰ বিজুলিবান মধ্য ইংৰাজী বিদ্যালয়ৰ গাতে লাগি থকা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ৰ সমীপতে সংঘটিত হয়

আহত ব্যক্তিসকলক ইতিমধ্যে চিকিৎসা প্ৰদান কৰা হৈছে।

খবৰ অনুসৰি একেটা অঞ্চলতে নাহৰফুটুকীটোৱে এগৰাকী মহিলাৰ ওপৰত পুনৰ আক্ৰমণৰ চেষ্টা চলাইছিলসম্প্ৰতি নাহৰফুটুকীটোক শান্ত কৰাৰ লগতে স্থানীয় ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বন বিভাগৰ।