NORTHEAST NOW (Assamese)
অসম

উত্তাল দক্ষিণ কোৰিয়া! অৱশেষত সকলো বাধা নেওচি ৰাষ্ট্ৰপতিক গ্ৰেপ্তাৰ কৰিলে সেনা-আৰক্ষীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2025 9:28 am

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন চুক-য়েওলক দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভাৰতীয় সময় অনুসৰি বুধবাৰে পুৱা প্ৰায় ৭ বজাত নিৰাপত্তাবাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

তেওঁক গ্ৰেপ্তাৰ কৰাক লৈ যোৱা সপ্তাহত দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত এক নাটকীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰেছিডেন্ট গাৰ্ড ৰেজিমেণ্টৰ প্ৰতিৰোধৰ বাবে সেনা আৰু আৰক্ষীৰ যৌথ বাহিনী পিছুৱাই যাব লগা হৈছিল। প্ৰেছিডেন্ট গাৰ্ড ৰেজিমেণ্টে মানৱ প্ৰাচীৰ গঢ়ি তুলি যৌথ বাহিনীক অৱৰোধ কৰে। অৱশ্যে বুধবাৰে তেওঁলোক সফল নহ’ল। এতিয়া সংঘাত আৰম্ভ হ’ব পাৰে।

শেহতীয়াকৈ ছিউলৰ এখন আদালতে ৰাষ্ট্ৰপতি ইউন চুক-য়েওলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। তেওঁৰ বিৰুদ্ধে দেশত অবৈধভাৱে সামৰিক আইন জাপি দিয়াৰ অভিযোগ উঠিছে।

দেশজুৰি প্ৰতিবাদৰ সন্মুখীন হৈ সেই আদেশ প্ৰত্যাহাৰ কৰাৰ পিছতো দক্ষিণ কোৰিয়াৰ সংসদে ৰাষ্ট্ৰপতিগৰাকীৰ বিৰুদ্ধে ইমপিচমেন্ট বা মহাভিযোগ অনাৰ প্ৰস্তাৱ গৃহীত কৰিছে। যাৰ অৰ্থ হ’ল ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে নিন্দা প্ৰস্তাৱ গ্ৰহণ কৰা।

অৱশেষত ইউন চুক-য়েওলক গ্ৰেপ্তাৰ কৰাৰ লগে লগে তেওঁ হৈ পৰিল দেশৰ প্ৰথমজন বৰ্খাস্ত হোৱা ৰাষ্ট্ৰপতি। পদত্যাগৰ দাবী নাকচ কৰি তেওঁ ক্ষমতা ধৰি ৰাখিছিল।

আইন অনুসৰি আদালতৰ নিৰ্দেশ মানি চলিবলৈ প্ৰেছিডেন্ট ৰেজিমেণ্ট বাধ্য নাছিল। ৰাষ্ট্ৰপতিৰ নিৰ্দেশেই আছিল তেওঁলোকৰ বাবে চূড়ান্ত। সেইবাবেই তেওঁলোকে সেনা-আৰক্ষীৰ যৌথ বাহিনীক অৱৰোধ কৰে। যোৱা এসপ্তাহত পৰিস্থিতি সলনি হ’ল। চাপৰ সন্মুখত আত্মসমৰ্পণ কৰিবলৈ সন্মত হয় ৰাষ্ট্ৰপতিগৰাকীয়ে।

অৱশ্যে বুধবাৰে প্ৰেছিডেন্ট গাৰ্ড ৰেজিমেণ্টে আৰম্ভণিতে অৱৰোধ কৰে। ফলত সেনা- আৰক্ষীয়ে ৰাজপ্ৰসাদত প্ৰৱেশ কৰিবলৈ জখলা বগাই যাব লগা হয়। গ্ৰেপ্তাৰৰ চেষ্টাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজপ্ৰসাদৰ বাহিৰত তেওঁৰ হাজাৰ হাজাৰ সমৰ্থক গোট খাবলৈ ধৰে। অৱশ্যে এইবাৰ আৰক্ষীয়ে সকলো বাধা অতিক্ৰমি তেওঁক গ্ৰেপ্তাৰ কৰে। এনে ঘটনা ইতিহাসত বিৰল।