NORTHEAST NOW (Assamese)
Popular Stories

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে ইতিহাস ৰচনা স্মৃতি মন্ধানাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 27, 2025 7:57 pm

ভাৰতীয় মহিলা ক্ৰিকেটত ইতিহাস ৰচনা কৰিছে স্মৃতি মন্ধানাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে মন্ধানাক ২০২৪ চনৰ শ্ৰেষ্ঠ মহিলা এদিনীয়া ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত কৰিছে। ইয়াৰ লগে লগে মন্ধানাই দ্বিতীয়বাৰৰ বাবে আইচিচিৰ এদিনীয়া ক্ৰিকেটাৰ বঁটা লাভ কৰে। ভাৰতৰ আন কোনো মহিলা ক্ৰিকেটাৰে এনে কৃতিত্ব অৰ্জন কৰিব পৰা নাই।

নিউজিলেণ্ডৰ ছুজি বেটছৰ পাছত বিশ্বৰ দ্বিতীয়গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে মন্ধানাই আই চি চিৰ এদিনীয়া শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। তেওঁৰ সৈতে দৌৰত আছিল শ্ৰীলংকাৰ চামাৰী আটাপাট্টু, দক্ষিণ আফ্ৰিকাৰ লৰা উলভাৰ্ড আৰু অষ্ট্ৰেলিয়াৰ এনাবেল চাথাৰলেণ্ড। তিনিজন প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰে মন্ধানাই। ভাৰতীয় মহিলা দলৰ উপ-অধিনায়কগৰাকীয়ে ২০২৪ চনত ৫০ অভাৰ ক্ৰিকেটত ৭৯৪ ৰান সংগ্ৰহ কৰিছিল। তেওঁৰ গড় ৫৭.৪৬। মন্ধানাৰ বেটৰ পৰা চাৰি শতিক আহিল। যোৱা কেলেণ্ডাৰ বৰ্ষত মহিলাৰ এদিনীয়া ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী। মন কৰিবলগীয়া যে মহিলাৰ টি-২০ ক্ৰিকেটতো মন্ধানাই বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ দৌৰত অংশ লৈছিল।

ইয়াৰ উপৰিও মন্ধানাই এক কেলেণ্ডাৰ বছৰত ৫০ অভাৰ ক্ৰিকেটত চাৰিটা শতক অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। বাওঁহাতৰ অপেনিং বেটছমেনগৰাকী আগন্তুক মহিলা একদিনীয়া বিশ্বকাপত ভাৰতৰ অন্যতম আশা। আই চি চিৰ বিভিন্ন এদিনীয়া ক্ৰিকেট প্ৰতিযোগিতাত মুঠ ২৪খন খেলত ১৩৫৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে মন্ধানাই।