NORTHEAST NOW (Assamese)
Popular Stories

চীনৰ চিৰিয়াখানাত বাঘৰ দৰে সাজ-পোছাক পিন্ধা কুকুৰ হৈ পৰিল আকৰ্ষণৰ কেন্দ্ৰবিন্দু! চাওক ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 3:54 pm

চীনৰ চিৰিয়াখানাত দুটা কুকুৰক বাঘৰ দৰে দেখাবলৈ ৰং কৰা হৈছে। বিষয়টো সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ হোৱাৰ পাছত ব্যাপক সমালোচনা আৰম্ভ হয়।

আমেৰিকাৰ সংবাদ মাধ্যম নিউয়ৰ্ক পোষ্টে প্ৰকাশ কৰা অনুসৰি চিৰিয়াখানাখন চীনৰ জিয়াংছু প্ৰদেশৰ টাইঝৌত অৱস্থিত। খবৰ অনুসৰি চিৰিয়াখানা কৰ্তৃপক্ষই ডাউইন এপ (চীনৰ টিকটকৰ সংস্কৰণ)ত কুকুৰকেইটাৰ এটা লাইভ ভিডিঅ সম্প্ৰচাৰ কৰিছিল। তাত তেওঁলোকে লিখিছে, “আমাৰ বাঘবোৰ বৰ ডাঙৰ আৰু দ্ৰুত।”

যেতিয়া এই ভিডিঅটো ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল, তেতিয়া সাধাৰণ জনতাই ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইয়াৰ পাছত চিৰিয়াখানাখনে স্থানীয় সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে প্ৰকৃততে কুকুৰকেইটাক বাঘৰ দৰে দেখাবলৈ ৰং কৰা হৈছে।

ইয়াৰ পূৰ্বে চীনৰ চিৰিয়াখানা এখনত কুকুৰক পাণ্ডা হিচাপে প্ৰদৰ্শন কৰা হৈছিল। ইয়াৰ ফলতো সেই সময়ত ব্যাপক সমালোচনাৰ সৃষ্টি হৈছিল। এজন নেটিজেনে লিখিছে, “চীনে যেতিয়া কুকুৰ এটাক পাণ্ডা হিচাপে সাজ-পোছাক পিন্ধাইছিল, তেতিয়া কাম নহল। এইবাৰ কেনেকৈ কাম হ‘ব বুলি ভাবিছিল?”

আন এজনে লিখিছে, “তেওঁলোকে একেটা কাম বাৰে বাৰে কৰা বন্ধ কৰিব লাগিব।