NORTHEAST NOW (Assamese)
Popular Stories

সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন! মাখানা বৰ্ড, খাদ্য প্ৰতিষ্ঠান, বিমানবন্দৰ আৰু কেনেল প্ৰকল্প দিলে কেন্দ্ৰীয় বাজেটে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 1, 2025 8:30 pm

সমাগত বিহাৰৰ বিধানসভা নিৰ্বাচন কেন্দ্ৰ কৰি দেখা গ’ল এক আকৰ্ষণীয় বাজেট। শনিবাৰে (১ ফেব্ৰুৱাৰী, ২০২৫) বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট ভাষণত বিহাৰে বিশিষ্টভাৱে স্থান লাভ কৰে। এখন নতুন মাখানা বৰ্ড, নেশ্যনেল ইনষ্টিটিউট অৱ ফুড টেকনলজি, এণ্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড মেনেজমেণ্টৰ ঘোষণা। ইয়াৰ উপৰিও পাটনা বিমানবন্দৰ সম্প্ৰসাৰণৰ উপৰিও গ্ৰীণফিল্ড বিমানবন্দৰ সংযোজন কৰা হব আৰু মিথিলাঞ্চলৰ পশ্চিম কোছি কেনেল প্ৰকল্পৰো ঘোষণা কৰা হয়।

বিহাৰৰ বাবে আঁচনি

সীতাৰমণে উল্লেখ কৰে যে, ‘মাখানা উৎপাদনৰ লগত জড়িত লোকসকলক ফ-অন পাব্লিক অফাৰ (এফপিঅ) হিচাপে শ্ৰেণীভুক্ত কৰা হব আৰু বৰ্ডে মাখানা কৃষকসকলক প্ৰশিক্ষণৰ সহায় আগবঢ়াব। বৰ্ডে নিশ্চিত কৰিব যে তেওঁলোকে (কৃষকসকলে) চৰকাৰী আঁচনিৰ সকলো সুবিধা লাভ কৰে।’

পাছত বিহাৰত এটা ৰাষ্ট্ৰীয় খাদ্য প্ৰযুক্তি, প্ৰক্ৰিয়াকৰণ আৰু উদ্ভাৱন প্ৰতিষ্ঠান স্থাপন কৰা হব বুলিও সীতাৰমণে উল্লেখ কৰে। ই সমগ্ৰ পূব ভাৰতৰ বাবে সুফল প্ৰদান কৰিব বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “ই কৃষকৰ আয় বৃদ্ধি কৰিব, উৎপাদনত মূল্য সংযোজন কৰিব, যুৱক-যুৱতীসকলৰ বাবে দক্ষতা আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰিব।

বিহাৰত প্ৰকল্প

সীতাৰমণে তদুপৰি কয় যে,ৰাজ্যৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিহাৰত গ্ৰীণফিল্ড বিমানবন্দৰৰ সুবিধা প্ৰদান কৰা হব। এইবোৰ হব পাটনা বিমানবন্দৰ সম্প্ৰসাৰণৰ উপৰিও মিথিলাঞ্চলৰ পশ্চিম কোছি কেনেল প্ৰকল্পক আৰ্থিক সাহায্য প্ৰদান কৰা হব যিয়ে বিহাৰৰ বৃহৎ সংখ্যক কৃষকক উপকৃত কৰিব।