NORTHEAST NOW (Assamese)
অসম

‘এইদৰেই তোমাক চাব বিচাৰিছিলো’, অভিষেকৰ সফলতাক লৈ উৎফুল্লিত গুৰু যুৱৰাজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2025 3:44 pm

এসময়ত তেওঁ বিস্ফোৰক ইনিংছ খেলি পৰাজয়ৰ মুখত পৰা মেচো জয়ী কৰাই আনিছিল। এই বাওঁহতীয়া ক্ৰিকেটাৰগৰাকীয়ে কঠিন পৰিস্থিতিত দলৰ প্ৰয়োজন অনুসৰি উজ্বলি উঠিছিল। সেই যুৱৰাজ সিঙৰে শিষ্যই এতিয়া ৰাষ্ট্ৰীয় দলৰ বৈ টি-২০ত খেলপথাৰ কঁপাইছে।

যুৱৰাজৰ শিষ্য অভিষেক শৰ্মাই শৃংখলাৰ প্ৰথমখন মেচত ৭৯ ৰান সংগ্ৰহ কৰি শিৰোনাম দখল কৰিছিল আৰু তাৰ পিছত শেষৰখন মেচত ১৩৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছে। বিশ অভাৰৰ ফৰ্মেটত ভাৰতীয় বেটছমেনৰ এয়া সৰ্বাধিক স্ক’ৰ। মেণ্টৰ যুৱৰাজ সিং তেওঁৰ সফলতাক লৈ উৎফুল্লিত। এই বিষয়ে তেওঁ ভাৰতৰ মেচখনৰ পিছত নিজৰ এক্স হেণ্ডেলত লিখিছে।

যুৱৰাজে লিখিছে, ‘তুমি দুৰ্দান্ত খেলিছা অভিষেক! এতিয়া য’ত উপনীত হৈছা, মই তোমাক তাতেই চাব বিচাৰিছিলো। মই তোমাক লৈ গৌৰৱ অনুভৱ কৰিছো।’ যুৱৰাজৰ এই পোষ্টটোৱে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। তেওঁ নিজেই বিস্ফোৰক বেটাৰ আছিল। সেয়ে শিষ্য অভিষেকৰ সফলতাক লৈ যুৱীৰ উল্লাসে ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ মন জয় কৰিছে।

অভিষেক শৰ্মাইও কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। যুৱৰাজৰ সৈতে তেওঁৰ সম্পৰ্ক অতি ভাল আৰু সেয়া কাৰো অজ্ঞাত নহয়। ইংলেণ্ডৰ বিৰুদ্ধে বিস্ফোৰক শতকীয় ইনিংছৰ বাবে তেওঁ যুৱৰাজকে কৃতিত্ব দিছে।

মেচৰ পিছত অনুষ্ঠিত সংবাদমেলত তেওঁ কয় যে তিনি-চাৰি বছৰ পূৰ্বে যুৱ পাজীয়েই মোৰ মনত এই ধাৰণাটো সোমাই দিছিল। তেওঁৱেই একমাত্ৰ মোৰ ওপৰত ভৰসা ৰাখিছিল। যুৱৰাজ সিঙৰ দৰে কোনোবাই যেতিয়া কয় যে তুমি ভৱিষ্যতে জাতীয় দলৰ হৈ খেলি মেচত জিকাবা, তেতিয়া নিজৰ শ্ৰেষ্ঠখিনি দিয়াৰ হেঁপাহ আৰু অধিক প্ৰবল হৈ পৰে। মোৰ ক্ৰিকেট কেৰিয়াৰত তেওঁৰ ভূমিকা বিশাল।’

অভিষেকৰ ইনিংছৰ পিছতে এটা ভিডিঅ’ ভাইৰেল হৈ পৰে, য’ত যুৱৰাজ সিঙে তেওঁক প্ৰশিক্ষণ দিয়া দেখা গৈছে। যুৱৰাজে থিয় হৈ অভিষেকক অফ স্পিন খেলিবলৈ শিকাই থকা দেখা গৈছে। অভিষেক শৰ্মাই ১৭টা বলত অৰ্ধশতক অৰ্জন কৰি টি-২০ত সৰ্বাধিক দ্ৰুততম অৰ্ধশতক অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয়।

ভাৰতীয় দলৰ যুৱ খেলুৱৈৰ ভিতৰত ইংলেণ্ডৰ শৃংখলাত দৃষ্টি কাঢ়িছে তিলক ভাৰ্মাই। বহুতে তেওঁক ভৱিষ্যতৰ মেচ উইনাৰ হিচাপে চাইছে। এইবাৰ অভিষেক শৰ্মাৰ নামো সেই তালিকাত যোগ হ’ল।