NORTHEAST NOW (Assamese)
দেশ

অৱশেষত মহাকুম্ভত স্নান নৰেন্দ্ৰ মোদীৰ : গংগাত গা ধুই পাপ মোচন হ’বনে মোদীৰ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 5, 2025 10:08 am

আজি প্ৰয়াগৰাজত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পুৱা প্ৰায় ১১ বজাত তেওঁ সংগমত স্নান কৰিব।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও প্ৰধানমন্ত্ৰীৰ সৈতে স্নান কৰিব।

ইফালে দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটদানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহাকুম্ভত গা ধুবলৈ লোৱা সিদ্ধান্তক লৈ বিৰোধীয়ে ৰাজনীতিৰ গোন্ধ পাইছে।

আম আদমী পাৰ্টি আৰু কংগ্ৰেছে অভিযোগ উত্থাপন কৰিছে যে ৰাজধানীত ভোটাৰক প্ৰভাৱিত কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে কুম্ভ মেলাৰ বাবে আজিৰ দিনটো বাছি লৈছে।

উল্লেখ্য যে মকৰ সংক্ৰান্তি, মৌনি অমৱস্যা আৰু বসন্ত পঞ্চমীত তেওঁ প্ৰয়াগৰাজলৈ যোৱাৰ পৰিকল্পনা কৰা নাছিল।