NORTHEAST NOW (Assamese)
অসম

ৰে’ল বিভাগৰ কৰ্মচাৰীৰ ছত্ৰছায়াত বৃদ্ধি পাইছে হাতীদাঁতৰ চোৰাং বেহা

Posted by: এন ই নাও নিউজ May 28, 2018 12:47 pm
28regivory-266x200

অসমৰ পৰা বহিঃৰাজ্যলৈ বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা অব্যাহত থকাৰ সময়তে দেওবাৰে ৰাজহ চোৰাংচোৱা বিভাগে ২৪ টাকৈ হাতীদাঁত জব্দ কৰিবলৈ সক্ষম হৈছে। এক গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিতে হোজাইৰ পৰা নেপাললৈ নিয়াৰ পৰিকল্পনা কৰা এই হাতীদাঁতসমূহ জব্দ কৰে ৰাজহ চোৰাংচোৱা বিভাগ চমুকৈ ডি আৰ আয়ে।

তথ্য অনুসৰি এই হাতীদাঁতকেইটাৰ ওজন প্ৰায় ৫ কিলো ৮০০ গ্ৰাম। ডি আৰ আইৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি নেপালৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে হোজাইৰ পৰা নিউজলপাইগুৰিলৈকে ৰে’লযোগে হাতীদাঁতসমূহ কঢ়িয়াই অনাৰ পৰিকল্পনা কৰা হৈছিল।

উল্লেখ্য যে আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত এক ভয়ংকৰ সত্য পোহৰলৈ আহিছে। বিদেশলৈ কঢ়িয়াই নিয়াৰ সমগ্ৰ পৰিকল্পনা ৰচিছিল খোদ ৰে’ল বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে। আন্তঃৰাষ্ট্ৰীয় চোৰাং বেপাৰী চক্ৰৰে মিলি নেপাললৈ নিব খোজা অৱস্থাতে দেওবাৰে দুপৰীয়া শৰাইঘাট এক্সপ্ৰেছত তালাচী চলাই পল্টনবজাৰ ৰে’ল ষ্টেশ্যনৰ পৰা জব্দ কৰা হয় এই হাতীদাঁতসমূহ।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ তথ্যৰ ভিত্তিত ডি আৰ আয়ে এই অভিযান চলোৱাৰ লগতে ৰেইল বিভাগৰ কৰ্মচাৰী সুৰয কুমাৰ দাসক গ্ৰেপ্তাৰ কৰি অধিক তথ্য সংগ্ৰহৰ বাবে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে।