NORTHEAST NOW (Assamese)
অসম

ইচ্ছ্যু হাছিনা! ভাৰতৰ প্ৰতি নেতিবাচক মনোভাৱ এৰিবলৈ পৰামৰ্শ; ঢাকাৰ দূতক মাতি আনি দিলে প্ৰত্যুত্তৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2025 8:01 am

শ্বেখ হাছিনাক লৈ ভাৰত চৰকাৰক জড়িত কৰি বাংলাদেশৰ প্ৰতিক্ৰিয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দিলে নতুন দিল্লীয়ে। শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে বাংলাদেশৰ ভাৰপ্ৰাপ্ত উচ্চায়ুক্ত মহম্মদ নুৰুল ইছলামক ছাউথ ব্লকলৈ মাতি আনি ভাৰত চৰকাৰৰ অসন্তুষ্টিৰ কথা প্ৰকাশ কৰে।

আৱামী লীগৰ অনলাইন প্লেটফৰ্মত যোগ দি বুধবাৰে দিল্লীৰ পৰা ভাষণ প্ৰদান কৰিছিল হাছিনাই। ভাষণত তেওঁ অন্তৱৰ্তীকালীন চৰকাৰ আৰু মহম্মদ ইউনুছক তীব্ৰ সমালোচনা কৰে। বাংলাদেশ চৰকাৰে ঢাকাত থকা ভাৰতৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰদূতক মাতি নি হাছিনাৰ বক্তব্যৰ প্ৰতিবাদত এখন নোট প্ৰদান কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শুকুৰবাৰে বাংলাদেশৰ দূতক জনাইছে যে শ্বেখ হাছিনাৰ এই বক্তব্য তেওঁৰ ব্যক্তিগত। ইয়াৰ লগত ভাৰত চৰকাৰৰ কোনো সম্পৰ্ক নাই। ভাৰতৰ আভ্যন্তৰীণ বিষয়ত বাংলাদেশ চৰকাৰ জড়িত হোৱাক লৈ নতুন দিল্লীয়ে ক্ষোভ প্ৰকাশ কৰিছে।

ভাৰতৰ প্ৰতি থকা নেতিবাচক দৃষ্টিভংগী পৰিত্যাগ কৰিবলৈ বাংলাদেশক অনুৰোধ জনাইছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ঢাকাৰ ৰাষ্ট্ৰদূতগৰাকীক জনোৱা হয় যে এনে নেতিবাচক দৃষ্টিভংগী দুয়োখন দেশৰ সম্পৰ্কৰ বাবে ইতিবাচক নহয়।

বৃহস্পতিবাৰে বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে দিল্লীত থকা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ “উচটনিমূলক” কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ. তৌহিদ হোছেইনে সাংবাদিকৰ আগত কয় যে ঢাকাই পূর্বে নতুন দিল্লীক শ্বেখ হাছিনাক এনে কামত লিপ্ত হোৱাত বাধা দিবলৈ আহ্বান জনাইছিল৷ কিন্তু আমি কোনো সঁহাৰি নাপালোঁ। ভাৰতীয় ভাৰপ্ৰাপ্ত উচ্চায়ুক্তৰ জৰিয়তে পুনৰ আপত্তি উত্থাপন কৰিলো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে।

বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীয়ে শেহতীয়াকৈ শ্বেখ হাছিনাৰ বক্তব্যক অতি আক্ৰমণাত্মক বুলি অভিহিত কৰে। ইয়াৰ দ্বাৰা নৱপ্ৰজন্মৰ অনুভুতিত আঘাত লাগিব পাৰে বুলি তেওঁলোকে ইংগিত দিয়ে।