NORTHEAST NOW (Assamese)
অসম

কানাডাৰ পৰা আহি ম্যাদ উকলা ভিছালৈ অসমত ধৰ্ম প্ৰচাৰ; আৰক্ষীয়ে পঠিয়াই দিলে দেশলৈ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 8, 2025 11:23 am

ম্যাদ উকলি যোৱা পৰ্যটন ভিছাত জড়িত থকাৰ অপৰাধত এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে। শেষত কানাডাৰ ধৰ্মপ্ৰচাৰকজনক নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হ’ল। জানিব পৰা মতে তেওঁৰ নাম ব্ৰেণ্ডন জোৱেল ডিৱাল্ট।

আৰক্ষীয়ে এক বিবৃতিত জনোৱা মতে, লোকজনৰ পৰ্যটন ভিছাৰ ম্যাদ যোৱা ৭ জানুৱাৰীত শেষ হৈছিল। কিন্তু তেতিয়াও তেওঁ অসমত বাস কৰিছিল। কেৱল সেয়াই নহয়, তেওঁ যোৰহাটত ধৰ্মান্তৰকৰণৰ কাম অব্যাহত ৰাখিছিল।

তদন্তৰ সময়ত আৰক্ষীয়ে জনায় যে লোকজনে আনকি তেওঁৰ ভিছাৰ কাৰ্যকাল শেষ হোৱাৰ পিছতো নিয়ম উলংঘা কৰি বিভিন্ন ধৰ্মীয় পৰিৱেশত ভাষণ দিছিল। তেওঁ খ্ৰীষ্টান ধৰ্মৰ পক্ষত কাম কৰি আছিল। আনকি গ্ৰেগে মিছন কেম্পাছত গীৰ্জাৰ কাম-কাজ চোৱাচিতাও কৰি আছিল।

আৰক্ষীয়ে তথ্য লাভ কৰাৰ পিছত বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয় বা ই আৰ পি অ’ত খবৰ দিয়ে। ইয়াৰ পিছতে তেওঁক তাৰ পৰা বহিষ্কাৰৰ জাননী জাৰি কৰা হয়।

ইয়াৰ পিছত যোৰহাটৰ এজন বিষয়াই মিষ্টাৰ ডিৱাল্টক কলকাতা বিমানবন্দৰলৈ লৈ যায়, তাৰ পৰা কৰ্তৃপক্ষই তেওঁক দিল্লীলৈ উৰাজাহাজেৰে লৈ যৰ পৰা তেওঁক পুনৰ কানাডালৈ বিতাড়িত কৰা হয়।