NORTHEAST NOW (Assamese)
অসম

চুপতিৰ স্থান নাই! আপত্তিজনক বাৰ্তা দিয়াৰ অভিযোগত বৰ্খাস্ত ব্ৰিটেইনৰ মন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 9, 2025 10:37 am

ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ কনিষ্ঠ মন্ত্ৰী এণ্ড্ৰু গুৱেনক (৫০)ক হোৱাটছএপত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগত বৰ্খাস্ত কৰা হৈছে। শনিবাৰে দেশখনৰ প্ৰধানমন্ত্ৰী কেয়াৰ ষ্টাৰমাৰে এই কথা ঘোষণা কৰে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোৱা দেওবাৰে ব্ৰিটেইনৰ বাতৰি কাকত দ্য মেইলত এণ্ড্ৰু গুৱেনে হোৱাটছএপ গ্ৰুপত প্ৰেৰণ কৰা এটা বাৰ্তাক লৈ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। ইয়াৰ পিছতে ষ্টাৰমাৰে শনিবাৰে তেওঁক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়।

চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰে “চৰকাৰত থকাসকলৰ বাবে উচ্চ মানদণ্ড নিশ্চিত কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ” আৰু এই মানদণ্ড পূৰণ কৰিব নোৱাৰা যিকোনো মন্ত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ তেওঁ কুণ্ঠাবোধ নকৰে।

ইপিনে, হোৱাটছএপত আপত্তিজনক বাৰ্তা প্ৰেৰণ কৰাৰ বাবে ক্ষমা বিচাৰিছে এণ্ড্ৰু গুৱেনে। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, ‘’মোৰ মন্তব্যৰ বাবে মই গভীৰভাৱে অনুশোচনা কৰিছো।‘’

তেওঁ লগতে কয় যে ‘’প্ৰধানমন্ত্ৰী আৰু লেবাৰ পাৰ্টিৰ সিদ্ধান্তৰ কাৰণ মই বুজি পাইছো। যদিও পদচ্যুত হোৱাটো অতি দুখৰ বিষয়, তথাপিও মই যিকোনো প্ৰকাৰে তেওঁলোকক সমৰ্থন কৰিম।’’

খবৰ অনুসৰি এণ্ড্ৰু গুৱেনে এটা হোৱাটছএপ গ্ৰুপলৈ বৰ্ণবাদী আৰু যৌন উত্তেজক বাৰ্তা প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

হোৱাটছএপ গ্ৰুপত দিয়া এটা বাৰ্তাত তেওঁ লিখিছে যে তেওঁক ভোট নিদিয়া এগৰাকী পেঞ্চনাৰ মহিলা পৰৱৰ্তী নিৰ্বাচনৰ পূৰ্বে মৃত্যুবৰণ কৰিব বুলি আশা কৰিছে। তদুপৰি, তেওঁৰ বিৰুদ্ধে ইহুদী বিদ্বেষ আৰু উপ-প্ৰধানমন্ত্ৰী এঞ্জেলিনা ৰেনাৰক লৈ অপমানজনক মন্তব্য কৰাৰ অভিযোগো উত্থাপন হৈছে।