NORTHEAST NOW (Assamese)
মণিপুৰ

ৰাষ্ট্ৰপতি শাসনৰ দিশে মণিপুৰ : শীঘ্ৰেই ঘোষণাৰ সম্ভাৱনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2025 6:40 pm

মণিপুৰত শীঘ্ৰেই বলৱৎ হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদত্যাগ কৰাৰ পিছতেই এই সম্ভাৱনা এতিয়া প্ৰবল হৈ পৰিছে।

দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি দিল্লীৰ পৰা উভতি অহাৰ পাছত মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছিল এন বীৰেণ সিঙে।

উল্লেখ্য যে ৰাজ্যপালে বীৰেণ সিঙৰ পদত্যাগ মানি ল’লেও তেওঁক পৰৱৰ্তী মুখ্যমন্ত্ৰী ঘোষণা নকৰালৈকে আংশিক দায়িত্বত থাকিবলৈ পৰামৰ্শ দিয়ে।

ইফালে, বিজেপিৰ হাইকমাণ্ডে হেইৰোক বিধান সভা সমষ্টিৰ বিধায়ক থকচোম ৰাধেশ্যামৰ সৈতে যোগাযোগ কৰিছে। থকচোম ৰাধেশ্যামক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ পিছতেই ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্ন সূত্ৰই সদৰী কৰিছে।