NORTHEAST NOW (Assamese)
অসম

কৰ ফাঁকিৰ অভিযোগ : যোগীঘোপাৰ কয়লা খনিত অভিযান, জব্দ ৮০ খন কয়লা ভৰ্তি ট্ৰাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 11, 2025 7:33 pm

কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে যোগীঘোপাৰ কয়লা খনিৰ বিৰুদ্ধে।

আজি জি এছ টি চোৰাংচোৱা সঞ্চালকালয়ৰ এক বৃহৎ দলে বঙাইগাঁৱৰ যোগীঘোপাৰ কয়লা বজাৰত অভিযান চলায়।

এই অভিযানৰ সময়ত ৮০খনতকৈও অধিক কয়লা ভৰ্তি ট্ৰাক জব্দ কৰা হয়

অভিযানকাৰীৰ ৩০ জনীয়া এটা দলে ট্ৰাক সমূহৰ নথি-পত্ৰ পৰিদৰ্শন কৰি চালানসমূহৰ বৈধতা পৰীক্ষা কৰে।

জানিব পৰা মতে, প্ৰায়বোৰ ট্ৰাকেই সঠিক নথি-পত্ৰ দেখুওৱাত ব্যৰ্থ হোৱা বুলি জানিব পৰা গৈছে।

এই অভিযানত বৰ্তমান পলাতক হৈ থকা স্থানীয় ব্যৱসায়ী শ্বাহিদুল ইছলাম ওৰফে গাৰোৰ বাসগৃহতো অভিযানকাৰীয়ে অভিযান চলায়।

ইয়াৰ পূৰ্বেও শ্বাহিদুল ইছলামৰ বিৰুদ্ধে জি এছ টি জালিয়াতিৰ লগতে অবৈধ কয়লা ব্যৱসায়ত জড়িত থকাৰ অভিোগ উত্থাপন হৈছিল।কৰ্তৃপক্ষই তদন্ত অব্যাহত ৰাখিছে, আৰু জি এছ টিৰ নিয়ম উলংঘা কৰা বুলি ধৰা পৰাসকলৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।