NORTHEAST NOW (Assamese)
অসম

কয়লা চিণ্ডিকেটৰ চৰ্দাৰ মন্ত্ৰী পীযুষ হাজৰিকা! ঘমঘন্ট লগাইছে ভাইৰেল ক্লিপে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2025 11:45 am

এক ভাইৰেল অডিঅ’ ক্লিপে জোকাৰি গৈছে ৰাজ্যৰ ৰাজনীতি। ক্লিপটোৱে প্ৰমাণ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ নাকৰ তলেৰে কেনেকৈ সতীৰ্থ মন্ত্ৰীয়ে ছিণ্ডিকেট চলাই আহিছে। বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই ভাইৰেল কৰা অডিঅ’টোত স্পষ্টভাৱে উল্লেখ কৰা হৈছে মন্ত্ৰী পীযুষ হাজৰিকাৰ নাম। এজন লোকে কৈছে “হিমন্ত গুলী মাৰো, পীযুষে ছিণ্ডিকেট চাই আছে, চিধাচিধি কথা।”

এই অডিঅ’ ক্লীপে এতিয়া ৰাজ্যৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, বিভিন্ন সময়ত মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধে ছিণ্ডিকেটৰাজৰ অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু এই অভিযোগ খণ্ডন কৰি আহিছে মন্ত্ৰীগৰাকীয়ে। ইফালে চৰকাৰে অবৈধ কয়লা খনন বন্ধ কৰা বুলি দীৰ্ঘদিনে দাবী কৰি আহিলেও উমৰাংছুৰ ঘটনাই প্ৰমাণ কৰে যে চৰকাৰৰ নাকৰ তলতে কয়লাৰ ছিণ্ডিকেট চলি আছে।

ইয়াৰ পাছতে বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে অবৈধ কয়লা খনন বন্ধ কৰা বুলি ঘোষণা কৰে। তেওঁ ঘোষণাৰ পাছতে ৰাজ্যৰ কিছু কিছু স্থানত বিশেষকৈ তিনিচুকীয়া জিলাৰ লীডুত অবৈধ কয়লা খনন বন্ধ কৰা হৈছিল। কিন্তু কাৰ্বি আংলং জিলাত এতিয়াও অবৈধ কয়লা খনন অব্যাহত থকাৰ কথা তথ্য প্ৰমাণসহ সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

এতিয়া প্ৰশ্ন হয়, কাৰ্বি আংলংত কিয় অবৈধ কয়লা খনন বন্ধ কৰিব পৰা নাই? কাৰ প্ৰভাৱৰ বাবে কাৰ্বি আংলঙত এতিয়াও অবৈধ কয়লা খনন চলি আছে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জড়িত হৈ আছে নেকি কাৰ্বি আংলঙৰ কয়লা ছিণ্ডিকেটৰ সৈতে? মন্ত্ৰী পীযুষ হাজৰিকাই জড়িত থকাৰ বাবেই কাৰ্বিং আংলঙত অবৈধ কয়লা খনন বন্ধ কৰিব পৰা নাই নেকি? কাৰ্বি আংলঙত অবৈধ কয়লা খনন কাৰ্যত মন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰত্যক্ষ হাত আছে নেকি? মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাতে কাৰ্বি আংলঙত অবৈধ কয়লা খনন চলাই থকা হৈছে নেকি? কাৰণ অডিঅ’টোত স্পষ্টভাৱে কোৱা শুনা গৈছে হোজাইৰ কথা। হোজাই হৈয়ে কাৰ্বি আংলঙৰ পৰা হোজাই হৈয়ে আহে অবৈধ কয়লা পৰিবাহী ট্ৰাক। বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ভাইৰেল কৰা অডিঅটোৰ পাছত এতিয়া এইসমূহ প্ৰশ্নৰ উদয় হৈছে। মন্ত্ৰী পীযুষ হাজৰিকাই ইয়াৰ প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ সাহস হ’ব নে? নে উত্তৰ দিবলৈ গৈ চালে বেৰে কোবোৱাৰ যুক্তিৰে জনসাধৰণক বিপথে পৰিচালিত কৰিব? অথবা দেৱব্ৰত শইকীয়াই কোৱাৰ দৰে এই অডিঅ’ৰ সত্যতা উপস্থাপন কৰিবলৈ সক্ষম হ’ব। অসমৰ ছিণ্ডিকেটৰ ৰজা কোন? কোন এই সঞ্জীৱ গগৈ? অসমৰ ৰাইজেও এইবোৰ জনা উচিত।