NORTHEAST NOW (Assamese)
অসম

মুখ্য মন্ত্ৰীৰ ১ লাখ টকাৰ আৰ্থিক সাহায্য মেট্ৰিকত শীৰ্ষস্থান পোৱা ৰক্তিম ভূঞালৈ

Posted by: এন ই নাও নিউজ May 28, 2018 6:23 pm

মুখ্য মন্ত্ৰী  সৰ্বানন্দ সোণোৱালে আজি জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ কাৰ্যলয় কক্ষত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা ৰক্তিম ভূঞাক সম্বৰ্ধনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ পৰা এই বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ ৰক্তিম ভূঞাই সৰ্বমুঠ ৫৯৩ নম্বৰ লাভ কৰি অসমৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হয়।

ফলত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মেধাৱী ছাত্ৰ গৰাকীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ উপৰি তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দই ছাত্ৰ গৰাকীৰ এই কৃতকাৰ্যতাৰ শলাগ লোৱাৰ উপৰি অধিক অধ্যব্যৱসায় কষ্টসহিষ্ণুতাৰে আগন্তুক পৰীক্ষা সমূহতো এই কৃতকাৰ্যতাৰ ধাৰা অব্যাহত ৰখাৰ বাবে প্ৰতিযোগিতামুখী মনোভাৱেৰে অধ্যয়নত আত্মনিয়োগ কৰিবলৈ উপদেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰক্তিম ভূঞাৰ পিতৃ-মাতৃ ক্ৰমে ভাৰত ভূঞা আৰু বেবী ভূঞাক প্ৰশংসা কৰাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰো শলাগ লয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে মেধাৱী ছাত্ৰ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ পিছত ১ লাখ টকৰা চেকো প্ৰদান কৰে।