NORTHEAST NOW (Assamese)
Popular Stories

ৰে’লৱে’ ষ্টেচনত ভয়ংকৰ পৰিস্থিতি! ৰে’লত হোৱা ভিৰত শ্বাসৰুদ্ধ হৈ ১৮গৰাকী নিহত, আহত বহুতো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 7:43 am

অনিয়ন্ত্ৰিত ভিৰৰ বাবে নতুন দিল্লী ৰে’লৱে’ ষ্টেচনত সৃষ্টি হৈছে শ্বাসৰুদ্ধকৰ পৰিস্থিতি।এই ঘটনাত চাৰিগৰাকী মহিলাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। নতুন দিল্লী ৰে’লৱে’ ষ্টেচনত সংঘটিত এই পদপিষ্টৰ ঘটনাত এইপৰ্যন্ত ১৮গৰাকী লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।

ৰেলৱে ষ্টেচনটোৰ ১৪ আৰু ১৫ নং প্লেটফৰ্মত সংঘটিত হয় এই ঘটনা। প্ৰয়াগৰাজলৈ যোৱা দুখন ৰেল বাতিল হোৱাৰ ফলত প্লেটফৰ্মত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। কাৰণ বহু সংখ্যক মহাকুম্ভ ভক্তই নিজৰ ৰেল ধৰিবলৈ ১৩ আৰু ১৪ নং প্লেটফৰ্মত সমবেত হয়। নিশা প্ৰায় ১০ বজাত সংঘটিত এই ঘটনাৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়।

প্ৰাৰম্ভিক খবৰ অনুসৰি অতিমাত্ৰা ভিৰৰ ফলত তীব্ৰ শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হৈ পৰে, যাৰ ফলত চাৰিগৰাকী মহিলা যাত্ৰী অচেতন হৈ পৰে। তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে আৰু লগে লগে তেওঁলোকক চিকিৎসালয়লৈ লৈ যোৱা হয়

জানিব পৰা মতে, দিল্লী অগ্নিনিৰ্বাপক বাহিনীয়ে জৰুৰীকালীন ফোন লাভ কৰি তৎক্ষণাত ৰেল ষ্টেচনটোলৈ অগ্নিনিৰ্বাপক বাহিনীৰ চাৰিটা দল প্ৰেৰণ কৰে। ইয়াৰ উপৰিও সেই পৰিস্থিতিত সহায় কৰিবলৈ এম্বুলেন্সো সেই স্থানলৈ প্ৰেৰণ কৰা হয়।