NORTHEAST NOW (Assamese)
Popular Stories

১২২ কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ নিউ ইণ্ডিয়া সমবায় বেংকৰ প্ৰাক্তন মেনেজাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2025 8:29 am

ভাৰতীয় ৰিজাৰ্ভ বেংকে ৪৮ ঘন্টা পূৰ্বে বেংকটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই বেংকৰ পৰা গ্ৰাহকে এটকাও উলিয়াব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছিল। কিন্তু শেহতীয়াকৈ মুম্বাইৰ নিউ ইণ্ডিয়া বেংকৰ প্ৰাক্তন জেনেৰেল মেনেজাৰগৰাকীক বৃহৎ আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে গ্ৰেপ্তাৰ কৰা হয়

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰাক্তন জেনেৰেল মেনেজাৰ হিতেশ প্ৰবীণ মেহতাৰ বিৰুদ্ধে বেংকৰ পৰা ১২২ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে গোৰেগাঁও আৰু দাদৰ শাখাৰ দায়িত্বত আছিল তেওঁ। অভিযোগ কৰা হৈছে যে সেই সময়ত তেওঁ শাখা দুটাৰ একাউণ্টৰ পৰা বিপুল পৰিমাণৰ ধন উলিয়াইছিল।

এই জালিয়াতি ২০২০ চনৰ পৰা ২০২৫ চনৰ ভিতৰত সংঘটিত হৈছিল। আৰক্ষীয়ে সন্দেহ কৰিছে যে হিতেশ প্ৰবীণৰ বাহিৰে আন এজন ব্যক্তি এই প্ৰৱঞ্চনাৰ সৈতে জড়িত। দাদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩১৬ (৫) আৰু ৬১ (২) ধাৰাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে অৰ্থনৈতিক অপৰাধ শাখাই। ইমান বৃহৎ প্ৰৱঞ্চনা কেনেকৈ সংঘটিত হৈছিল আৰু ইয়াৰ লগত কোন জড়িত আছিল সেই বিষয়ে জানিবলৈ কাম চলি আছে।

ইয়াৰ পূৰ্বে ১৩ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকে বেংকটোত সংঘটিত অনিয়মৰ বাবে নিউ ইণ্ডিয়া সমবায় বেংকৰ কাম-কাজত কেইবাটাও বাধা আৰোপ কৰিছিল। আৰবিআইৰ এনে অৰ্ডাৰৰ পাছত নিউ ইণ্ডিয়া সমবায় বেংকে গ্ৰাহকক কোনো ধৰণৰ ঋণ দিব নোৱাৰিব আৰু গ্ৰাহকৰ পৰা জমা ধন গ্ৰহণ কৰিব নোৱাৰিব।

২০২৪ চনৰ মাৰ্চ পৰ্যন্ত এই বেংকত জমা আছিল ২৪৩৬ কোটি টকা। ফিক্সড ডিপজিট বীমা আঁচনিৰ অধীনত জমাকাৰীয়ে ৫ লাখ টকা পৰ্যন্ত বীমা দাবী কৰাৰ অধিকাৰ আছে। এই সন্দৰ্ভত জমাকাৰীসকলক বেংকত আবেদন কৰিবলৈ কোৱা হৈছে।

নিউ সমবায় বেংকৰ শাখা মুম্বাইৰ আন্ধেৰী, বান্দ্ৰা, বৰিভালি, চেম্বুৰ, ঘাটকোপাৰ, গিৰগাঁও, গোৰেগাঁও, নৰিমান পইণ্ট, কান্দিৱলী, মালাড, মুলুণ্ড, চান্টা ক্ৰুজ আৰু ভৰ্চোভাত আছে। মুম্বাইৰ উপৰিও এই বেংকৰ শাখা নৱী মুম্বাই, থানে, পালঘৰ, পুনে আৰু চুৰাটত আছে।