NORTHEAST NOW (Assamese)
দেশ

ৰোগীয়া মাতৃক ঘৰত বন্দী কৰি পূণ্য বিচাৰি মহাকুম্ভলৈ যাত্ৰা পুত্ৰৰ, দুৱাৰ ভাঙি বৃদ্ধাৰ প্ৰাণ ৰক্ষা আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2025 7:25 pm

অসুস্থ মাতৃক ঘৰৰ ভিতৰত অকলে থৈ বাহিৰৰ পৰা তলা মাৰি মহাকুম্ভলৈ যাত্ৰা পুত্ৰৰ। ঝাৰখণ্ডত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।

নিজৰ ৬৫ বছৰীয়া ৰোগীয়া মাতৃক ঘৰত বন্দী কৰি পত্নী, সন্তান আৰু শহুৰেকক লগত লৈ মহাকুম্ভলৈ যাত্ৰা কৰিলে ঝাৰখণ্ডৰ এগৰাকী ব্যক্তিয়ে।

আৰক্ষীয়ে জনোৱা মতে, সোমবাৰৰ পৰা বৃদ্ধাগৰাকী ঘৰত আৱদ্ধ হৈ আছিল আৰু কেৱল চিৰা আু পানী খাইহে জীয়াই আছিল। ভোকত থকা অৱস্থাত যেতিয়া তেওঁ সহায় বিচাৰি চিঞৰিছিল, তেতিয়া তেওঁৰ ওচৰ-চুবুৰীয়াই তেওঁৰ চিঞৰ শুনি লগে লগে তেওঁৰ কন্যাক খবৰ দিয়ে।

বুধবাৰে আৰক্ষীয়ে সংকটজনক অৱস্থাত ৬৫ বছৰীয়া মাতৃগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ঝাৰখণ্ডৰ ৰামগড় জিলাত।

তাৰ পাছত বুধবাৰে ৰামগড় থানাৰ অন্তৰ্গত সুভাষ নগৰ কলনীৰ পৰা অসুস্থ মাতৃগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে।

ৰামগড়ৰ এছডিপিঅ’ পৰমেশ্বৰ প্ৰসাদে কয় যে, “যোৱা সোমবাৰৰ পৰা পুত্ৰ অখিলেশ কুমাৰে নিজৰ কোৱাৰ্টাৰত আবদ্ধ কৰি ৰাখিছিল সঞ্জু দেৱী নামৰ বৃদ্ধাগৰাকীক।”

বিষয়টো পোহৰলৈ অহাৰ লগে লগে যেতিয়া অখিলেশৰ সৈতে যোগাযোগ কৰা হয়, তেতিয়া তেওঁ আৰক্ষীক কয় যে তেওঁৰ মাতৃ অসুস্থ হোৱাটো সঁচা। কিন্তু ঘৰৰ পৰা আহোঁতে তেওঁলোকে সকলো খাদ্য-পানীয়ৰ ব্যৱস্থা কৰি থৈ আহিছিল।