NORTHEAST NOW (Assamese)
অসম

যুঁজ শেষেই হোৱা নাই দুই জাতীয় সংগঠনৰ : শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এজাহাৰ টাইপাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2025 8:28 pm

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বিৰুদ্ধে মাৰ্ঘেৰিটা থানাত এজাহাৰ দাখিল কৰিলে টাই-আহোম যুৱ পৰিষদে।

সমগ্ৰ অসমতে টাইপাৰ বিৰুদ্ধে সঙ্ঘৰ সদস্যসকলে দাখিল কৰা এহাজাৰৰ পিছতে সঙ্ঘৰ বিৰুদ্ধেই এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদ, চমুকৈ টাইপাই।

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ উপ-সভাপতি দুৰ্গা কোঁৱৰৰ নেতৃত্বত টাইপাৰ মাৰ্ঘেৰিটা মহকুমা সমিতিয়ে এই অভিযোগ দাখিল কৰে।

কোঁৱৰৰ মতে, শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সদস্যসকলে টাই আহোম জনগোষ্ঠীৰ লগতে তেওঁলোকৰ পৰম্পৰাগত উৎসৱ মে-ডাম-মে-ফিক অসন্মান কৰিছিল।

কোঁৱৰে টাই আহোম সম্প্ৰদায়ৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চাওলুং চুকাফাৰ ৬০০ বছৰীয়া আহোম ৰাজ্য সমতা, সন্মান আৰু ভাতৃত্ববোধৰ নীতিৰ ওপৰত গঢ় লৈ উঠিছিল।

এই ক্ষেত্ৰত সঙ্ঘৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে টাইপায়।

উল্লেখ্য কৰাৰ প্ৰয়োজন নাই যে গহপুৰৰ নিবাসী তথা শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সদস্য চন্দ্ৰ বৰুৱাই মে-ডাম-মে-ফি উৎসৱত অংশগ্ৰহণ কৰাৰ পিছতে সংঘই বৰুৱাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰি ৫০০ টকা জৰিমনা বিহিছিল। ইয়াৰ পিছতে টাইপাই সঙ্ঘৰ সংবিধান দাহ কাৰ্যসূচী গ্ৰহণ কৰে। লগে লগে বিতৰ্কই তুংগত উঠে। টাইপা আৰু সঙ্ঘৰ মাজত সৃষ্টি হয় বাক বিতণ্ডা।

সংবিধান দহনৰ বাবে সঙ্ঘই টাইপাৰ নেতাসকলৰ বিৰুদ্ধে বিভিন্ন থানাত গোচৰ ৰুজু কৰে। ইয়াৰ পিছত টাইপায়ো সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।